1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:35 am

মদহে খাইছো, জনতাৰ তেজ খোৱা নাইঃ বিৰোধীক প্ৰত্যুত্তৰ পঞ্জাৱত আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ভগৱন্ত মানৰ…

  • Update Time : Tuesday, January 18, 2022

ডিজিটেল ডেস্কঃ মঙলবাৰে আম আদমী পাৰ্টিয়ে ঘোষণা কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম। অৰবিন্দ কেজৰিৱালে এক সংবাদমেল যোগে ঘোষণা কৰে সাংসদ তথা আপৰ কেন্দ্ৰীয় নেতৃত্বৰ দায়িত্বত থকা ভগৱন্ত মানৰ নাম। কেজৰিৱালে লগতে এই কথাও প্ৰকাশ কৰে যে, ফোন আৰু হোৱাটছ এপযোগে ভগৱন্ত মানে ৯৩শতাংশৰো অধিক ভোট লাভ কৰিছে যাৰ বাবে দলে তেওঁকেই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰিছে।

ভগৱন্ত মানৰ নাম ঘোষণা কৰাৰ পাছতে কংগ্ৰেছ আৰু বিজেপিয়ে আৰম্ভ কৰিলে তীব্ৰ কটাক্ষ আৰু সমালোচনা। পূৰ্বে সুৰাপান কৰি থকা কিছু ভিডিঅ ক্লিপ ৰাজহুৱা কৰি বিৰোধী দলসমূহে আপক কটাক্ষ কৰিলে যে আপে এখন মদখোৱা ব্যক্তিক সন্মানীয় মুখ্যমন্ত্ৰী আসনৰ বাবে আগবঢ়াই দিছে। বিৰোধীৰ এই কটাক্ষক সাহসেৰে সন্মুখীন হৈ প্ৰত্যুত্তৰ দিছে ভগৱন্ত মানে। এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে সাক্ষাতকাৰত ভগৱন্ত মানে এই বিষয়ৰ সন্দৰ্ভত ক’লে এনেদৰে-

মই বিৰোধীৰ তেনে কথালৈ বেছি গুৰুত্ব প্ৰদান কৰা নাই৷ মোৰ বিৰুদ্ধে তেনে কথা কোৱা সকলো এনে অভিযোগ আছে যিবোৰ ইয়াতকৈ অধিক গুৰুতৰ। মুঠৰ ওপৰত মই এটা কথাই কব খোজো, মই মদহে খাইছো। পঞ্জাৱৰ জনসাধাৰণৰ তেজ শুহি খোৱা নাই। মই আজিৰ তাৰিখত তেওঁলোকৰ পৰা এন অ চি লব নিবিচাৰো।

উল্লেখ কৰা প্ৰয়োজন যে, নিৰ্বাচনৰ আগতে হোৱা বিভিন্ন সমীক্ষাত পঞ্জাৱত এইবাৰ আপে ভাল ফলাফল লাভ কৰাৰ তথ্য পোহৰলৈ আহিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme