1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
August 30, 2025, 9:19 pm

চাৰিওফালৰ পৰা তিৰষ্কাৰ-সমালোচনা! তাৰ মাজতো আজি শান্তিত শুব বিৰাট-অনুষ্কা

  • Update Time : Wednesday, November 10, 2021

ডিজিটেল ডেস্কঃ খেলত পৰাজয়, বিভিন্ন তিৰষ্কাৰ-সমালোচনাৰ অন্তঃত আজিহে হয়তো কিছু শান্তিত শুব পাৰিব বিৰাট অনুষ্কাই। বিৰাটৰ কেৰিয়াৰত চলি থকা দুঃসময়ে পৰিয়ালটোকো যথেষ্ট চিন্তাত পেলাইছে। বিশেষকৈ বিৰাট কেপ্তেইন হিচাপে শেষৰখন চিৰিজ তথা টি-২০ বিশ্বকাপত অপ্ৰত্যাশিত পৰাজয়ৰ পাছত সকলো পক্ষৰ পৰাই কটু সমালোচনাৰ সন্মুখীন হৈছে। চলিত বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে পৰাজয় বৰণ কৰাৰ পাছত বিৰাট-অনুষ্কাৰৰ ১০মহীয়া কণমাণি কন্যাক এক দুষ্টচক্ৰই দিছিল বলাৎকাৰৰ ভাবুকি।

কিন্তু শেহতীয়াকৈ মুম্বাই আৰক্ষীয়ে বিৰাট-অনুষ্কাৰ কন্যাক এনে বলাৎকাৰৰ ভাবুকি দিয়া এজনক গ্ৰেপ্তাৰ কৰিছে। মুম্বাই আৰক্ষীৰ চাইবাৰ চেলে হায়দৰাবাদৰ পৰা গ্ৰেপ্তাৰ কৰিছে ২৩বছৰীয়া এগৰাকী যুৱকক। শ্ৰীনিৱাস অগুৱথিনী নামৰ যুৱকগৰাকীক গ্ৰেপ্তাৰ কৰি মুম্বাই আৰক্ষীয়ে অব্যাহত ৰাখিছে সোধপোছ। উল্লেখ্য যে, গ্ৰেপ্তাৰ কৰা ২৩বছৰীয়া যুৱকগৰাকী পেছাত এগৰাকী ছফটৱেৰ ইঞ্জিনিয়াৰ। কেইবাটাও ফুড ডেলিভাৰী এপো নিৰ্মাণ কৰিছে যুৱকগৰাকীয়ে। কোহলীৰ পৰিয়ালক লৈ এনে মন্তব্য কৰা দুষ্টচক্ৰৰ বিৰুদ্ধে গোচৰ তৰিছিল দিল্লী মহিলা আয়োগে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme