1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 23, 2024, 12:35 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

হাঁহি থকা ছোৱালীজনীৰ চকুত আজি চকুলোঃ সুশ্ৰুতিক আমি সহায় কৰিব নোৱাৰো নে…

  • Update Time : Tuesday, September 13, 2022
ডিজিটেল ডেস্কঃ সদায় হাঁহি থকা ছোৱালী জনীয়ে আজি বিচনাত চটফটাই কান্দি আছে। সদায় আনৰ বাবে চিন্তা কৰি থকা, সদায় আনৰ ভাল কৰিবলৈ চেষ্টা কৰি থকা ছোৱালী জনীয়ে আজি কান্দি আছে।তাইয়ো আমাৰ মাজৰে কাৰোবাৰ ভনী,কাৰোবাৰ জী,কাৰোবাৰ বায়েক। আজি তাইক সহায়ৰ প্ৰয়োজন আপোনালোকৰ অলপ মান মৰম, অলপ সহায়, অলপ মান প্ৰাৰ্থনাৰ কেইবাটাও মাহ ধৰি তাই যথেষ্ট সমস্যাত ভুগি আছে। ডিঙিৰ এক বিশেষ infection ত আক্ৰান্ত তাই।
এই বিষ কিমান কষ্টকৰ একমাত্ৰ তাই বুজি পাইছে। প্ৰথমতে ডিঙিৰ সোঁফালে অত্যন্ত বিষ হৈছিল আৰু ডাক্তৰৰ পৰামৰ্শ মতে (তাই সাঁচি থোৱা পইচা কেইটা লগতে কেইজন মান হৃদয়বান ব্যক্তিৰ সহায়ত লক্ষাধিক টকা খৰছ কৰি) গুৱাহাটীত অপাৰেচন কৰোৱাইছিল কিন্তু এতিয়া infection আৰু বিষ সম্পূৰ্ণ ৰূপে ঠিক নোহোৱাত আৰু লাহে লাহে সেই বিষ বাঢ়িহে যোৱাত এতিয়া ডাক্তৰে বাংগালোৰ(Narayana Hospital) পঠাইছে তাকো ততাতয়াকৈ। ইতিমধ্যে ইয়াতে পলম কৰিব মানা কৰিছে নহ’লে এই infection বিয়পাৰ সম্ভাৱনা।
বিষ আৰু ব্লিডিং ৰ ফলত তাই একো খাব নোৱাৰে, আনকি পানী এটোপাও, মাত মাতিলে বেছিকৈ জোৰ দিলে ডিঙিত কষ্ট পাই ব্লিডিং হয়। কিন্তু ইমান দিনে তাই অনুমতি দিয়া নাছিল বাবে ফেচবুকত কোনো আপডেট দিয়া হোৱা নাছিল।এতিয়া আজি এক সপ্তাহ মানৰ হঠাতে refer কৰাত জনাব লগা হৈছে, আগৰ পৰা দুই এজনে Share কৰাৰ লগতে বৰঙণিও আগবঢ়াইছে।আপোনাৰ আৰু মোৰ দৰে তাইয়ো জীয়াই থাকিবলৈ মন যায়,উৰিব মন যায়।তাইয়ো জীয়াই থাকিব বিচাৰে।তাইৰ ঘৰ খন তায়েই চলাই আছিল,ভায়েকক পঢ়াই আছিল।সিহঁতৰ ঘৰ খনৰ পইচা অহাৰ বাট এটাই আছিল।এতিয়া সেইটো বাটো বন্ধ হৈ পৰিল।
আমাৰ এজনী সাহসী ছোৱালী জনী (যোৰহাট টিলিকীয়ামৰ সুশ্ৰুতি দত্ত ওৰফে Shruti Priyam ক আপোনালোকৰ সহায়ৰ প্ৰয়োজন তাইৰ উন্নত চিকিৎসাৰ বাবে।(ডাক্তৰে কোৱা মতে প্ৰথম পৰ্যায়ত প্ৰায় নূন্যতম #৫লাখ মান টকা লাগিব আনুমানিক, সঠিক সংখ্যা টো বাংগালোৰ পোৱাৰ পাছত হে গম পোৱা যাব যে ততোধিক কিমান লাগিব পাৰে কাৰণ infection টো কোনটো পৰ্যায় লৈকে বিয়পিছে সেই বিষয়েও তাতে পায়েই চিকিৎসা আৰম্ভ হ’লেহে গম পোৱা হ’ব।
তাইৰ একাউণ্ট নম্বৰ:
SUSHRUTI DUTTA
Jorhat( Assam)
A/C- 406210110010672
IFSC – BKID0004062
Bank of india
Gpay number:- 7249917790
May be an image of 3 people, monument and outdoors

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme