1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 12:21 pm

শ্বহীদ স্বামীৰ সপোন কৰিলে পূৰণঃ সকলো বাধা নেওচিঁ পত্নী হ’লগৈ সেনাৰ উচ্চ পদস্থ বিষয়া…

  • Update Time : Monday, October 31, 2022

 ডিজিটেল ডেস্কঃ  ভাৰতীয় সেনাৰ প্ৰথম লাডাখী মহিলা বিষয়া হোৱা লেফটেনেণ্ট ৰিগজিন শ্বোৰোলে স্বৰ্গীয় স্বামীৰ সপোন পূৰণ কৰিলে।তেখেতৰ স্বামী ৰিগজিন খাণ্ডাপ আছিল লাডাখৰ জেদাং চুম্পা বেটেলিয়েনৰ ৰাইফলমেন। তেওঁ কৰ্তব্যৰত অৱস্থাত দেশৰ হৈ প্ৰাণ আহুতি দিছিল।ৰাইফলমেন ৰিগজিন খাণ্ডপে কৰ্তব্যৰত হৈ দেশৰ বাবে প্ৰাণ হেৰুওৱাৰ পিছত,ৰিগজিন শ্বোৰোলে সশস্ত্ৰ বাহিনীত যোগদান কৰাৰ আৰু তেওঁৰ স্বামীৰ ভাৰতীয় সেনাত বিষয়া হোৱাৰ সপোন পূৰণ কৰাৰ সিদ্ধান্ত লয়।

স্বৰ্গীয় স্বামী,ৰাইফলমেন ৰিগজিন খাণ্ডপৰ সপোন পূৰণ কৰি ৰিগজিন শ্বোৰোল ভাৰতীয় সেনাৰ বিষয়া হয়।২০২১ চনৰ ডিছেম্বৰ মাহত প্ৰশিক্ষণ কাৰ্যসূচীত নামভৰ্তি কৰি শ্বোৰোলে ২০২২ বৰ্ষৰ ২৮ অক্টোবৰত সমাপ্ত কৰে প্ৰশিক্ষণ। বিষয়া প্ৰশিক্ষণ একাডেমীত ১১ মাহৰ কঠোৰ প্ৰশিক্ষণৰ পিছত, শ্বোৰোলক ভাৰতীয় স্থল সেনাৰ বিষয়া হিচাপে নিযুক্তি দিয়া হয়।

ভাৰতীয় সেনাৰ লাডাখ স্কাউটছ এণ্ড জম্মু-কাশ্মীৰ ৰাইফলছ ৰেজিমেণ্টৰ কৰ্ণেল লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে লেফটেনেণ্ট ৰিগজিন শ্বোৰোলক তেওঁৰ কৃতিত্বৰ বাবে অভিনন্দন জনাইছে। স্বামীৰ সপোনটো পূৰণ কৰি অত্যন্ত সুখী ৰিগজিন শ্বোৰোল।শ্বোৰোলক ভাৰতীয় সেনাত বিষয়া হিচাপে নিযুক্তি দিয়া অনুষ্ঠানটোত পুত্ৰক বোকোছাত তুলি লেফটেনেণ্ট শ্বোৰোলে কৈছিল, “মই মোৰ স্বামীৰ সপোন পূৰণ কৰিলো,যি এজন সেনা বিষয়া হ’ব বিচাৰিছিল।”

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme