ডিজিটেল ডেস্কঃ মাত্ৰ অলপৰ বাবে পদকৰ পৰা বঞ্চিত হোৱা হিমা দাস শেহতীয়াকৈ উপস্থিত হৈছে স্বভূমিত। উপস্থিত হোৱাৰ পাছতে হিমা দাসে বিভিন্ন বিষয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংবাদিকৰ আগত। কমনৱেলথ গেমছৰ খেলৰ সন্দৰ্ভত হিমাই কয়- আঘাতৰ পিছত মই যি প্ৰদৰ্শন আগবঢ়াইছো তাক লৈ মই সুখী। আমেৰিকাক বাদ এথলেটিকছত বহু ভাল ভাল দেশৰ খেলুৱৈ সৈতে এইবাৰ খেলিছোঁ ।
হিমাই লগতে কয়- চেমি ফাইনলৰ দিনা বাৰ্মিংহামত বহু ঠাণ্ডা আছিল। ০.০১ মাইকো চেকেণ্ডৰ মূল্য কিমান মই বুজি পাইছোঁ। মোৰ বাবে সকলো খেল সমান। আঘাত সময়ত বহু কষ্ট কৰিব লগা হৈছিল। কাৰণ আমি যিকোনো ঔষধ খাব নোৱাৰো। লাভলীনাৰ সন্দৰ্ভতো হিমা দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে- লাভলীনাই যথেষ্ট কষ্ট কৰিছে। লাভলীনাই অলিম্পিক পদক পাইছে। মই ভাবো লাভলীনা এছিয়ান গেমছত ভাল কৰিব। আকৌ অলিম্পিক খেলিব।
আনহাতে পদকৰ পৰা বঞ্চিত হোৱাৰ পাছত হিমা দাসক একাংশ নেটিজেনে ট্ৰল কৰাক লৈ তেওঁ কয়- ট্ৰল কি মই নাজানো। অসমত নতুনকৈ আহিছে নেকি। সমাজত এচাম মানুহ থাকেই। তেওঁলোকৰ কামেই সেয়া।
নয়নমণি শইকীয়াক অভিনন্দন জনাই হিমানই কয়- বহু কষ্ট কৰি আজি এই পৰ্যায় পাইছে নয়নমণি বাই।