1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 12:27 pm

HS RESULTS- ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক…

  • Update Time : Monday, June 27, 2022

ডিজিটেল ডেস্কঃ সোমবাৰে ঘোষণা কৰা হল ২০২২বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। এই ফলাফলত ছাত্ৰতকৈ ছাত্ৰী আছে আগত। কলা শাখাত মুঠ ১ লাখ ২৭ হাজাৰ ২০৭ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৪৫৪৫৯ গৰাকী ছাত্ৰ উত্তীৰ্ণ হোৱাৰ বিপৰীতে কলা শাখাত ৬০৮২০ ছাত্ৰী উত্তীৰ্ণ হৈছে। কলা শাখাত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৮১.৪৫ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৮৫.১৯ শতাংশ।

ইফালে বিজ্ঞান শাখাত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৯০. ৬৫ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৯৩.২০ শতাংশ। একেদৰে বাণিজ্য শাখাত মুঠ ১১৫৫৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। বাণিজ্য শাখাত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৮৪.৬৬ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৮৯.৭৯ শতাংশ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme