1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:42 am

শ্বুটিঙৰ জুনিয়ৰ বিশ্ব চেম্পিয়ন হৃদয় হাজৰিকা ক’ভিড পজিটিভ…

  • Update Time : Tuesday, January 18, 2022

ডিজিটেল ডেস্কঃ সমগ্ৰ ৰাজ্যত কৰোনাই লৈছে ভয়ংকৰ ৰূপ। অসমতো বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। শেহতীয়াকৈ বিগত ২৪ঘন্টাত ৮হাজাৰো অধিক লোক আক্ৰান্ত হৈছে কৰোনাত। শেহতীয়াকৈ কৰোনাত আক্ৰান্ত হৈছে শ্বুটিঙৰ জুনিয়ৰ বিশ্ব চেম্পিয়ন হৃদয় হাজৰিকাও। যোৱা ৮ জানুৱাৰীত মুম্বাইৰ পৰা উভতা হৃদয়ৰ মাতৃ ইভা হাজৰিকাও কৰোনাত আক্ৰান্ত। ইফালে ডিব্ৰুগড়ৰ যুটীয়া স্বাস্থ্য সঞ্চালিকা কৃষ্ণাই কেম্প্ৰাই কৰোনাত আক্ৰান্ত হোৱাৰ লগতে ডিব্ৰুগড়ৰ ন্যায়িক দণ্ডাধীশ আদালতৰ অধিবক্তাসহ ৪৬ গৰাকী কৰোনাত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে।

উল্লেখ কৰা প্ৰয়োজন যে, শেহতীয়াকৈ অসমত কৰোনাত আক্ৰান্তৰ সংখ্যাই পুনৰ গঢ়িলে অভিলেখ৷ ৰাজ্যত ২৪ঘন্টাত ৮,০৭২গৰাকী লোক নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে৷ ইফালে মৃত্যু হৈছে ১৬গৰাকীকৈ ৰোগী৷ কামৰূপ মেট্ৰত ১৯৯৬গৰাকী ৰোগী নতুনকৈ আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme