ডিজিটেল ডেস্কঃ হজলৈ ওলাইছে ইছলাম ধৰ্মালম্বী লোকসকল৷ কিন্তু কভিডৰ নিৰ্দেশনা বৰ্তমানো সম্পূৰ্ণভাৱে উঠাই লোৱা হোৱা নাই৷
শেহতীয়াভাৱে হজ যাত্ৰীৰ RTPCR টেষ্টক লৈ দিয়া হৈছে নতুন নিৰ্দেশনা৷ একোগৰাকী হজ যাত্ৰীৰ ৪৮ ঘণ্টাৰ ভিতৰত কৰা RTPCR-টেষ্টৰ ৰিপৰ্ট হে গ্ৰহণ কৰিব হজ কমিটিয়ে৷ পূৰ্বে ৭২ঘণ্টাৰ সময় দিছিল কেন্দ্ৰীয় হজ কমিটিয়ে৷
কিন্তু কভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সময়সীমা সলনি কৰা হৈছে৷ ৰাজ্যিক হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামানে প্ৰকাশ কৰিছে এই কথা৷