1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
April 8, 2025, 7:00 pm

অযথা বিৰ্তক কিয়! মই কাকো ফোন কৰা নাই, মোকহে ফোন কৰিছিল…

  • Update Time : Monday, January 23, 2023

ডিজিটেল ডেস্কঃ অসমত পাঠান ছবিখন প্ৰদৰ্শনৰ সময়ত যাতে ৰাজ্যত কোনো অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয়, তাৰ বাবে বিশেষ অনুৰোধ জনাই শ্বাহৰুখ খানে ফোন কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ। মুখ্যমন্ত্ৰীয়ে এই কথা ৰাজহুৱা কৰাৰ পাছতে বিভিন্ন সংবাদমাধ্যমত প্ৰকাশ হৈছিল যে,  আচলতে সেই ফোন শ্বাহৰুখ খানে কৰাই নাছিল। এনে চৰ্চাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ এটা টুইট কৰি লিখিছে এনেদৰে- শ্ৰী’ শব্দটোৱে মোৰ কাৰ্যালয়ৰ মৰ্যাদা প্ৰতিফলিত কৰে। মই কাকো ফোন কৰা নাই । অভিনেতাজনেহে মোক ফোন কৰিছিল আৰু নিজৰ পৰিচয় দিছিল। আইন-শৃংখলাৰ ওপৰত থকা মোৰ আশ্বাসে কেৱল মোৰ সাংবিধানিক কৰ্তব্য প্ৰতিফলিত কৰে। বিতৰ্ক কৰিবলৈ একো নাই।

উল্লেখ কৰা প্ৰয়োজন যে, শনিবাৰে শ্বাহৰুখ খানক চিনি নাপাও বুলি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰ পাছতেই দেওবাৰে মুখ্য়মন্ত্ৰীয়ে টুইট কৰি জনাইছিল যে নিশা ২ বজাত শ্বাহৰুখ খানে তেওঁলৈ ফোন কৰিছিল আৰু গুৱাহাটীৰ পৰিস্থিতিৰ বুজ লৈছিল।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme