1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 5:05 am

হিমাচলত কংগ্ৰেছ…

  • Update Time : Thursday, December 8, 2022

ডিজিটেল ডেস্কঃ বিগত প্ৰায় প্ৰতিটো নিৰ্বাচনতে ধৰাশায়ী হোৱা কংগ্ৰেছ দলটোলৈ এক সকাহৰ খবৰ। হিমাচল প্ৰদেশৰ নিৰ্বাচনত দলটোৱে এক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ দিশে আগবাঢ়িছে। ৰাজ্যখনৰ মুঠ ৬৮খন আসনৰ ভিতৰত কংগ্ৰেছে এতিয়ালৈকে ৪০খন আসনত অগ্ৰগতি লাভ কৰিছে।

ইফালে বিজেপিয়েও ৰাজ্যখনত আশানুৰূপ ফলাফল লাভ কৰিছে । ২৫খনত আসনত এতিয়ালৈকে অগ্ৰগতি লাভ কৰি আছে দলটোৱে। ৰাজ্যখনত নিৰ্দলীয় ৩গৰাকী প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰি আছে। উল্লেখ কৰা প্ৰয়োজন যে, পাহাৰীয়া ৰাজ্যখনত আম আদমী পাৰ্টিয়ে এখনো আসনত অগ্ৰগতি লাভ কৰা নাই।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme