ডিজিটেল ডেস্কঃ পেট্ৰলৰ মূল্য উঠা-নমাক লৈ আপুনিও ছাগে হায়ৰাণ হৈছে। ৯৭টকাত ১লিটাৰ পেট্ৰল কিনি কিনি আপুনিও ছাগে ভাৱিছে, কৰবাত যদি কম দামতে পেট্ৰল পালো হেতেন! কিন্তু আপুনি জানেনে। মাত্ৰ ডেৰ টকাতে আপুনি কিনিব পাৰে ১লিটাৰ পেট্ৰল। অৱশ্যে আমাৰ দেশত থাকি এই মূল্যত পেট্ৰল কিনিব নোৱাৰে যদিও ভেনিজুৱালাত ১লিটাৰ পেট্ৰলৰ দাম মাত্ৰ ডেৰ টকা। শুনি আচৰিত হৈছে যদিও এয়া কিন্তু মিছা কথা নহয়। বিশ্ব ভিতৰত ভেনিজুৱেলাতে পেট্ৰলৰ দাম সবাতোকৈ কম।
পেট্ৰলৰ দাম সবাতোকৈ বেছি হংকঙত। হংকঙত ১লিটাৰ পেট্ৰলৰ দাম প্ৰায় ২৩৫টকা। ফিনলেণ্ড আৰু আয়াৰলেণ্ডত পেট্ৰলৰ মূল্য লিটাৰত ২১০টকাৰো অধিক। ইফালে পেট্ৰলৰ দাম অতিকৈ কম ইৰানত। ইৰানত ১লিটাৰ পেট্ৰলৰ দাম মাত্ৰ ৪টকা। ইফালে অঙ্গুলা নাম দেশখনতো পেট্ৰলৰ দাম লিটাৰত মাত্ৰ ১৭টকা ।
ঠিক তেনেদৰে কুৱেইটত ১লিটাৰ পেট্ৰলৰ দাম ২৫টকাতকৈ ওপৰত কেতিয়াও নহয়। চুদানতো পেট্ৰলৰ মূল্য এতিয়ালৈকে সৰ্বাধিক হৈছে লিটাৰত ২৭টকা। এনেদৰেই বিশ্বৰ ভিন্ন প্ৰান্তত পেট্ৰলৰ দাম অতিকৈ কম। কেন্দ্ৰীয় চৰকাৰ কৰ আৰু বিভিন্ন ভেটৰ সৈতে সংলগ্ন হৈ বিশ্ব বিভিন্ন দেশত ইন্ধনৰ দৰৰ মাজত বহু পাৰ্থক্য দেখা যায়।