1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 7:50 pm

প্ৰখ্যাত বাঁহীবাদক দীপক শৰ্মাক লাগে মুখ্যমন্ত্ৰীৰ সহায়…

  • Update Time : Friday, January 6, 2023

ডিজিটেল ডেস্কঃ অসমৰ লগতে দেশৰ প্ৰখ্যাত বাঁহীবাদক দীপক শৰ্মা বৰ্তমান গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছে । উল্লেখ্য যে, শিল্পীগৰাকীক ৩ দিন পূৰ্বে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।  জানিব পৰা মতে বাঁহীবাদকগৰাকীৰ যকৃত, বৃক্ক আৰু হৃদযন্ত্ৰ সংক্ৰান্তীয় ৰোগত আক্ৰান্ত হৈছে।

বৰ্তমান তেওঁৰ দুগৰাকী বিশেষজ্ঞ চিকিৎসক ক্ৰমে ভৱদেৱ গোস্বামী আৰু চন্দন মোদকৰ তত্বাৱধানত চলি আছে চিকিৎসা।  শিল্পীগৰাকীৰ চিকিৎসা অতি ব্যয়বহুল হোৱাৰ বাবে আৰ্থিক সমস্যাৰো সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে । ৰাজ্যৰ সাংস্কৃতিক বিভাগৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা বিচাৰিছে আৰ্থিক সহায় শিল্পীগৰাকীয়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme