ডিজিটেল ডেস্কঃ চৰকাৰী চাকৰি নাপালে বুলিয়েই হতাশ হোৱা সকলক এই বাতৰিটোৱে নিশ্চয়কৈ এক ডাঙৰ প্ৰভাৱ পেলাব। অসমীয়াত এষাৰ কথা আছে- মন কৰিলেই চন, বকৰা মাটিতেই ধন। আমাৰ বহুতে এই বকৰা মাটিখিনিৰ মূল্য বুজি নাপাই চাকৰিৰ পিছত দৌৰি ফুৰে। কিন্তু শেহতীয়াকৈ এগৰাকী ব্যক্তিয়ে জালুকৰ খেতিক প্ৰধান খেতি হিচাপে লৈ কোটি টকীয়া ঘৰ, গাড়ী কিনাৰ উপৰিও শেহতীয়াকৈ ক্ৰয় কৰিবলৈ ওলাইছে হেলিকপ্টাৰ।
কথাটো শুনিবলৈ আচৰিত যেন লাগিলেও এয়াই সচাঁ। এগৰাকী খেতিয়কে শেহতীয়াকৈ কিনিবলৈ ওলাইছে হেলিকপ্টাৰ। ৭কোটি টকাৰ ব্যয় কৰি এগৰাকী খেতিয়কে কিনিবলৈ লৈছে হেলিকপ্টাৰ। এই হেলিকপ্টাৰ ব্যৱহাৰ হব কৃষিকৰ্মত। প্ৰায় ১হাজাৰ হেক্টৰ মাটিত ৪০০টা আদিবাসী পৰিয়ালক লৈ খেতি কৰা এই খেতিয়ক গৰাকীৰ নাম হৈছে- ডাঃ ৰাজাৰাম ত্ৰিপাঠী।
ৰাজাৰাম ত্ৰিপাঠীয়ে প্ৰথমে এটা বহুজাতিক কোম্পানীত উচ্চ পদত চাকৰি কৰিছিল যদিও স্বাধীনচিতীয়া মনৰ বাবে এৰি দিছিল চাকৰি। তাৰ পিছতে চত্তীশগড়ৰ বস্তৰত কিছু আদিবাসী পৰিয়ালক লগত লৈ আৰম্ভ কৰিছিল জালুকৰ খেতি। ইয়াৰ পিছতে নানান ঔষধিযুক্ত গছ আৰু মছলাৰ খেতি আৰম্ভ কৰিছিল ৰাজাৰাম ত্ৰিপাঠীয়ে।
ইংলেণ্ড, জাৰ্মানীৰ দৰে দেশত যিদৰে উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি খেতি কৰে। ঠিক তেনে প্ৰযুক্তি ব্যৱহাৰ কৰিয়েই আগন্তুক ৪০বছৰলৈ প্ৰতি ১একৰ মাটিৰ পৰা খেতিৰ জৰিয়তে ১কোটি টকা উপাৰ্জনৰ লক্ষ্য লৈছে খেতিয়কগৰাকীয়ে। বৰ্তমান বছৰি ২৫কোটি টকা আয় কৰে এই খেতিয়কগৰাকীয়ে। ইফালে হেলিকপ্টাৰৰ জৰিয়তে এই বিশাল ভূমিত ঔষধৰ লগতে বীজ সিচাঁৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিব বুলি জানিবলৈ দিছে।
একক আৰু ব্যতিক্ৰমী চিন্তাৰে খেতি কৰাৰ বাবে কেইবাবাৰো কৃষি মন্ত্ৰালয়ৰ দ্বাৰা পুৰষ্কিত কৰা ডাঃ ৰাজাৰাম ত্ৰিপাঠী হৈছে ভাৰতৰ প্ৰথম গৰাকী খেতিয়ক যাৰ ওচৰত নিজৰ হেলিকপ্টাৰ থাকিব।