ডিজিটেল ডেস্কঃ কম বয়সতে চুলি পকিছে নেকি আপোনাৰ! এই সমস্যাৰ বাবে আপুনি দুচিন্তাত আছে নেকি! যদিহে আছে এতিয়াৰে পৰা এই সমস্যাৰ বাবে বিশেষ চিন্তা কৰিব লগা কাৰন নাই। কিয়নো ঘৰুৱা পদ্ধতিৰেই আপুনি সমাধান কৰিব পাৰে এই সমস্যাৰ। ইয়াৰ বাবে আপুনি কৰিব লাগিব এই কাম।
মেথি গুটি অলপ লৈ গুৰি কৰি লওক। এটা মিশ্ৰণ বনাই ধুনীয়াকৈ এটা টেমাত বতাহ সোমাব নোৱাৰাকৈ ৰাখক। প্ৰতিদিনে পুৱা এচামুচ মেথি গুটি এটুকুৰা গুৰৰ সৈতে খাওক। দেখিব এই সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাইছে। এনেদৰে ঘৰুৱা পদ্ধতিৰে আপুনি এই সমস্যাৰ পৰা মুক্ত হব পাৰে।
শৰীৰ বিভিন্ন উপাদান হ্ৰাস পালে এনে সমস্যাই দেখা দিয়ে।