1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 7, 2025, 2:03 am
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

বিন্দাছকৈ যদি জীৱন কটাব বিচাৰে, এই ২০টা কথা মনত ৰাখক…

  • Update Time : Monday, March 13, 2023

ডিজিটেল ডেস্কঃ দৈনন্দিন জীৱনত কিছুমান বিশেষ কথা মনত ৰখাটো অতিকৈ জৰুৰী। ই আপোনাৰ শৰীৰটো নিৰোগী কৰি ৰখাত সহায় কৰে।  আজি জানো আহক তেনে ২০টা গুৰুত্বপূৰ্ন কথা-

১) ৰাতি টোপনি নাহিলে ১ মিনিটৰ বাবে চকু দুটি খৰকৈ মেলা-জপোৱা কৰক নিশ্চিত ভাবে পৰৱৰ্তী মিনিটত টোপনি যাব।

২) মাইগ্ৰেইন ৰ মূৰৰ বিষ হলে হাত দুখন বৰফৰ পানীত ডুবাই থৈ মুঠি মাৰক ১ মিনিটৰ বাবে। লগে লগে বিষৰ পৰা পৰিত্ৰাণ পাব।

৩) পেটত খুব জ্বলা পোৰা হলে ৩-৪ টা তুলসী পাত ভাত খোৱাৰ পিছত চোৱাই এক গিলাচ গৰম পানী খাওক। লগে লগে জ্বলা পোৰা আঁতৰি যাব।

৪) দৈনিক পাঁচ কাপ ৰঙা চাহ( চেনী নিদিয়া) খালে পেটৰ চৰ্বী কমি নাইকিয়া হৈ যাব।

৫) দৈনিক ১৫ মিনিট প্ৰাণ খুলি হাঁহিব লাগে। ১৫ মিনিটৰ হাঁহি ২ ঘণ্টাৰ টোপনিত কৈ ও উত্তম।

৬) হাঁচি, চৰ্দি কমাবলৈ জিভাখন ওলোটাই ডিঙিৰ ভিতৰলৈ সুমুৱাই জোৰ দিয়ক হাঁচি কমিব।

৭) দিনত অকণমান বিচনাত বাগৰ দিলে স্মৃতিশক্তি বৃদ্ধি পাব আৰু হৃদৰোগৰ সম্ভাৱনা কমিব বুলি প্ৰমাণিত।

৮) বিচনাৰ পৰা উঠাৰ পিছতো যদিহে টোপনিৰ নিচা থাকি যায় তেন্তে এখন ভৰি নমাই কেই ছেকেণ্ডমান মজিয়াত ভৰিখন ৰাখক দেখিব টোপনিৰ ভাব নাইকিয়া হৈছে।

৯) নিয়মিত যদি ভাল লগা গান বা সুৰিয়া সুৰ শুনে ভৱিষ্যতে মগজুৰ কেন্সাৰ ৰোগৰ সম্ভাৱনা নাইকিয়া হয়।

১০) ৰাতিপুৱা যিমানেই পানী খাব দিনটো সিমানেই দেহত সজীৱতা (freshness), কৰ্ম-সক্ৰিয়তা ( spirit) অনুভৱ কৰিব।

১১) মুখৰ ছালখন এবাৰ হলেও বৰফ পানীৰে ধুলে মুখত গুটি নোলায়।

১২) বিষণাশক ঔষধ খোৱাৰ পিছতো যদিহে দাঁতৰ বিষ কমা নাই তেন্তে হাতৰ বুঢ়া আঙুলি আৰু কেঞা আঙুলিৰে এটুকুৰা বৰফ কিছু সময় ধৰি ৰাখক লগে লগে বিষ কমি যাব।

১৩) পেটৰ চৰ্বী কমাবলৈ যদি ব্যায়াম কৰি আছে তেন্তে ব্যায়ামৰ আগত একাপ কফি খাই লওঁক । ই আপোনাৰ কাম দুগুণ সহজ কৰিব।

১৪) যদি পঢ়াৰ সময়ত বাৰে বাৰে টোপনি লাগিছে তেন্তে যিমান সময় পাৰে উশাহ ধৰি ৰাখি এৰি দিয়ক টোপনি পলাব।

১৫) দেহ শুদ্ধি কৰণ কৰি ৰাখিবলৈ প্ৰতিদিনে এটা তীয়হ , এটা নেমু, কেইটামান পদিনাৰ পাত আৰু যথেষ্ট পৰিমাণে পানী সেৱন কৰিব। এয়া উত্তম সুদ্ধিকাৰক।

১৬) মানসিক চাপ (depression) দূৰ কৰাৰ দুটা উত্তম উপায় হল শৰীৰ চৰ্চা আৰু বন্ধু বান্ধবীৰ সৈতে সময় কটোৱা।

১৭) দৈনিক এগিলাচ ডালিমৰ জুছ খালে হৃদৰোগ দূৰ হয় আৰু নিম্ন ৰক্তচাপ (low blood pressure) ৰোগৰ পৰা পৰিত্ৰাণ পাব।

১৮) যদি কোষ্ঠ-কাঠিন্যৰ সমস্যাত ভুগিছে তেন্তে ৰাতিপুৱা খালি পেটত আধা কাপ সিজোৱা বিট খাওক ।

১৯) বতৰৰ তৰমুজ খালে মানসিক চাপ আৰু অৱসাদ দূৰ হোৱাৰ লগতে দেহত বহুত শক্তি পোৱা যায়।

২০) ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পিছত ১০ মিনিট খোজ কাঢ়ি হে শুব ই পাঁচনতন্ত্ৰ মজবুত কৰি ৰাখিব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme