ডিজিটেল ডেস্কঃ মুখৰ শালমইনা এটা বিৰক্তিকৰ সমস্যা। ই ছালৰ সৌন্দৰ্য নষ্ট কৰাৰ লগতে উজ্জ্বলতাও হ্ৰাস কৰে। পুৰুষতকৈ মহিলাৰ এই সমস্যা বেছি। মুখত শালমইনা উঠিলে মহিলাসকলে নোহোৱা কৰিবৰ বাবে বহু যত্ন কৰে। শালমইনাৰ সমস্যা আহাৰৰ ওপৰত নিৰ্ভৰ কৰে। শালমইনা হ’লে পাঁচটা আহাৰৰ পৰা আঁতৰত থকাটো বাঞ্চনীয়।
১. পাউৰুটী: প্ৰতিদিনে পুৱা পাউৰুটী বা ব্ৰেড জাতীয় আহাৰ গ্ৰহণ কৰা বহুতৰ অভ্যাস। মুখত শালমইনা হোৱাৰ অন্যতম কাৰণ হ’ল পাউৰুটীক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাটো। গ’লেটিন হ’ল একধৰণৰ প্ৰ’টিন- য’ত পোৱা যায় গোম, জৱ, ওটছ আদি। শৰীৰত গ’লেটিনৰ পৰিমাণ বেছি হ’লেও শালমইনা হ’ব পাৰে।
২. আলু চিপচ: চাহৰ লগত বা খালীকৈ চিপচ খোৱাটো বহুতৰ অভ্যাস। এই চিপচে মুখৰ শালমইনাৰ পৰিমাণ বৃদ্ধি কৰে। কিয়নো, ইয়াত অতিৰিক্ত শৰ্কৰা আছে। ই ব্ৰনৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে যন্ত্ৰণাও বৃদ্ধি কৰে।
৩. চকলেট: খাদ্য আৰু পৰিপুষ্টি বিভাগৰ শেহতীয়া গৱেষণা মতে শালমইনাৰ লগত চকলেটৰ এটা সম্পৰ্ক আছে। চকলেট কম-বেছি পৰিমাণে সকলোৱে পচন্দ কৰে। এই চকলেটত থাকে প্ৰচুৰ পৰিমাণে চেনি। যাৰ ফলত মুখত ব্ৰনৰ সমস্যা বৃদ্ধি পায়।সেয়ে পৰাপক্ষত চকলেটৰ পৰা দুৰত থকাই ভাল।
৪. গাখীৰ: শৰীৰৰ কাৰণে গাখীৰ সুষম আহাৰ। সেয়ে বহুতে দৈনন্দিন খাদ্য তালিকাত এগিলাচ গাখীৰ খোৱাটো বাধ্যতামুলক কৰি লয়। যিসকলে শালমইনাৰ সমস্যাত ভুগি আছে তেওঁলোকে আহাৰৰ তালিকাৰ পৰা গাখীৰ বাদ দিয়াটো প্ৰয়োজন।
৫. ছ’ডা: ছ’ডা মানুহে খায় যদিও ই ইমান পুষ্টিকৰ খাদ্য নহয়।বিশেষকৈ ছালৰ বাবে অতিকৈ বেয়া। ছ’ডাত ফ্ৰুক্টোজৰ মাত্ৰা বেছিকৈ থাকে বাবে শৰীৰত শালমইনা বৃদ্ধি কৰে।