1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 9:57 am

এজমা, নিউমোনীয়া সমস্যা আঁতৰাবলৈ, যৌনক্ষমতা বৃদ্ধিৰ বাবে খাদ্যৰ তালিকাত কি ৰাখিব?

  • Update Time : Wednesday, May 25, 2022

ডিজিটেল ডেস্কঃ এজমা, নিউমোনীয়াৰ সমস্যা আছে নেকি? ঘৰুৱা প্ৰতিকাৰ লৈয়েই সুস্থ হ’ব পাৰিব এজমা, নিউমোনীয়া আদি ৰোগৰ পৰা৷

নহৰুৰ উপকাৰিতা সকলোৱে জানে৷ মানৱ দেহৰ বাবে নহৰু অতি উপকাৰি৷ নহৰুৰ লগতে গাখীৰৰ উপকাৰিতা কিমান তাক পৃথককৈ কোৱাৰ প্ৰয়োজনীয়তাও নাই৷ কিন্তু নহৰু আৰু গাখীৰ মিহলাই খালে চিকিৎসকৰ ওচৰলৈ যাবই নালাগে বুলি কোৱা হয়৷

নহৰু আৰু গাখীৰ একেলগে খালে কি হয়? নহৰু আৰু গাখীৱ মিহলাই খালে এজমা ৰোগ প্ৰতিৰোধ হয় বুলি এক সমীক্ষাত প্ৰকাশ পাইছে৷ নিউমোনীয়াৰ পৰাও এই উপায় গ্ৰহণ কৰিয়েই হাত সাৰিব পাৰি৷ শৰীৰত Cholesterol-ৰ পৰিমাণ কম কৰাত, শৰীৰৰ কোনো স্থানত তেজ জমা হোৱা বন্ধ কৰি তেজৰ চলা-চল বৃদ্ধি কৰে নহৰু-গাখীৰে৷ নহৰু আৰু গাখীৰ একেলগে মিহলাই নিয়মিত ভাবে খালে টোপনি ভাল হোৱাৰ লগতে বিষ নিৰাময় হয়, কাঁহৰ পৰও পৰিত্ৰাণ পাব পাৰি৷ ইয়াৰোপৰি যৌন ক্ষমতা বৃদ্ধিতো এই গাখীৰ-নহৰুৰ মিশ্ৰনে সহায় কৰে৷

৫০০ ml গাখীৰ, বাকলি গুছাই ১০টা নহৰুৰ চুপহি, ২-৩ চামুচ চেনী আৰু ২৫০ মিলিঃ লিটাৰ পানী লৈ তাত থেতেলাই লোৱা নহৰু দি দিব লাগে৷ আনহাতে এটা পাত্ৰত গাখীৰ আৰু পানী মিহলি মিশ্ৰণৰ সৈতে নহৰুখিনি দি কিছুসময় উতলাই ল’ব লাগিব৷ তাৰ পিছত চেনি মিহলাই কিছু সময়ৰ পিছত অলপ ঠাণ্ডা কৰি নহৰু গাখীৰ মিশ্ৰণটো খাব পাৰে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme