ডিজিটেল ডেস্কঃ দলক শক্তিশালী কৰাৰ উদ্দেশ্যৰে ১০০০টকাৰ বৰঙণি আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে। বছৰৰ পহিলা দিনটোতে এই বৰঙণি দললৈ আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ লগতে বিজেপি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাইও ১০০০টকাৰ বৰঙণি দললৈ আগবঢ়ায়। বৰঙণি আগবঢ়োৱাৰ পাছতে ছচিয়েল মিডিয়াযোগে এই কথা অৱগত কৰি তেওঁ লিখে- Assam BJP president Bhabesh Kalita and I have today donated Rs 1000 each to start the party’s donation drive under which we would collect Rs 50-Rs 1000 from party workers & well-wishers. We hope to collect a good amount for the party under this drive.
উল্লেখ্য যে, বিজেপিক অৰ্থনৈতিক ভাৱে সবল কৰাৰ উদ্দেশ্য দলৰ কৰ্মকতা, নেতা সকলৰ পৰা সংগ্ৰহ কৰা হৈছে বৰঙণি। এই প্ৰক্ৰিয়া বিগত কেইটামান দিন সমগ্ৰ দেশত অব্যাহত আছে। ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ১০০০টকাৰ বৰঙণি আগবঢ়াইছে দললৈ।