1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 21, 2025, 10:03 am

সন্দিকৈ কলেজলৈ এতিয়া নাযাব…

  • Update Time : Wednesday, December 1, 2021

ডিজিটেল ডেস্কঃ সন্দিকৈ কলেজলৈ এতিয়া নাযাব, কিয়নো প্ৰায় সংখ্যক শিক্ষক-শিক্ষাৰ্থীৰ দেহত ওলাইছে কৰোনা। প্ৰশাসনে কৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৭দিনলৈ মহাবিদ্যালয়ৰ চৌহদক কন্টেইমেন্ট জ’ন ঘোষণা কৰিছে।  প্ৰশাসনে সদৰি কৰা অনুসৰি, মহাবিদ্যালয়ৰ ভিতৰৰ অধিকাংশ শিক্ষক আৰু শিক্ষাৰ্থী আক্ৰান্ত হৈছে কৰোনাত। প্ৰশাসনে সদৰি কৰিছে যে, এই ৭টা দিনত মহাবিদ্যালয়ৰ চৌহদত কোনো লোক প্ৰৱেশ কৰিব নোৱাৰিব।

১ ডিচেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈ  মহাবিদ্যালয়খন বন্ধ থকাৰ লগতে পিছুৱাই দিয়া হৈছে সকলো পৰীক্ষা। যি সমূহ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল  সেই সমূহ অন লাইন পদ্ধতিৰে অনুষ্ঠিত কৰা হব বুলি মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই সদৰি কৰিছে। উল্লেখ্য যে, কোনো এখন শিক্ষানুষ্ঠানত কৰোনাৰ সংক্ৰমণ ধৰা পৰিলে ৭দিনৰ কন্টেইমেন্ট জ’ন ঘোষণা কৰিবলৈ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা নিৰ্দেশ প্ৰদান কৰা হৈছিল।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme