ডিজিটেল ডেস্কঃ হেংদান বুলিলে আমি কেৱল মাত্ৰ এক বিশেষ ধৰণৰ যুদ্ধাস্ত্ৰক বুজি পাওঁ। কিন্তু হেংদান বহু প্ৰকাৰৰ আছিল। এজন সেনাপতিয়ে অনেক অস্ত্ৰ-শস্ত্ৰৰ উপৰি মূলতঃ সাত প্ৰকাৰৰ হেংদান যুদ্ধত ব্যৱহাৰ কৰিছিল। সেইবোৰৰ নামসমূহ ক্ৰমে–
১) খাড়া,
২) তেগাঁ,
৩) অশ্বৌ,
৪) জুনৰবি,
৫) কম্প্ৰাই,
৬) ধ্ৰুৱ আৰু
৭) কৃচ।
ওপৰৰ হেংদানসমূহৰ অবয়ব আৰু আকৃতি-প্ৰকৃতিলৈ লক্ষ্য কৰি এনেধৰণৰ নাম ৰখা হৈছিল। ‘খাড়া’ নামৰ হেংদানবিধৰ দুয়োফালে ধাৰ থাকে। ই দেখাত দীঘল, পোন, আগফালে ক্ৰমে জোঙা আৰু দুয়োফালে তীক্ষ্ণ ধাৰ থকা। ‘তেগাঁ’ নামৰ হেংদানবিধ দীঘল আৰু মেচ থকা। আগফালটো জোঙা আৰু দুয়োফালে ধাৰযুক্ত। উল্লেখযোগ্য যে এইবিধ হেংদানৰ গাদিৰ ফালে আগলৈ এটা অংশতহে ধাৰ থাকে। ‘অশ্বৌ’ নামৰ হেংদানবিধ হাতৰ মুঠিত নুৰ খাই থাকে। ই তীক্ষ্ণ ধাৰযুক্ত। এনে হেংদান যেয়ে-সেয়ে চলাব নোৱাৰিছিল। বিশেষভাৱে প্ৰশিক্ষণ ল’বলগীয়া হৈছিল।
এনে হেংদান ব্যৱহাৰ কালত জোৰেৰে বিশেষ লাচত কোব মাৰিলেহে হাতৰ পৰা মুকলি হৈছিল আৰু লক্ষ্যস্থানত আঘাত কৰি নিজে নিজে পুনৰ নুৰ খাই ৰৈছিলহি। এই হেংদান চলাব নাজানিলে চলাওঁতাকে ধৰাশায়ী কৰিছিল। ‘জুনৰবি’ আৰু ‘কম্প্ৰাই’ নামৰ হেংদানকেইবিধ খাড়া আৰু তেগাঁৰ নিচিনা, কিন্তু এইবোৰ জোখত কিছু পৰিমাণে চুটি, আগফালটো ক্ৰমাৎ জোঙা আৰু সামান্য মেচ থকা।
‘ধ্ৰুৱ’ আৰু ‘কৃচ’ নামৰ হেংদান দুবিধ চুটি আৰু সৰু অৰ্থাৎ ছুৰীৰ আকৃতিৰ। দুয়োখনৰে দুয়োফালে মাৰাত্মক ধাৰযুক্ত। ধ্ৰুৱ নামৰ হেংদানখন চুটি আৰু পোন, কৃচ নামৰখন চুটি আৰু ওপৰৰ ফালে সামান্য মেচ থকা। এই দুখনৰ যিকোনো এখন ৰণুৱাই ৰণলৈ কঁকালত বান্ধি নিয়াটো ৰণৰ অপৰিহাৰ্য নিয়ম আছিল। এইখনেই এজন ৰণুৱাৰ বাবে অন্তিম অস্ত্ৰ হিচাপে পৰিগণিত হৈছিল।
এই হেংদানবোৰৰ আগবোৰ বিষাক্ত। ইয়াক গঢ়োঁতেই বিষাক্ত কৰি গঢ়া হৈছিল। হেংদান কেনেকৈ বিষাক্ত কৰি গঢ়া হৈছিল সেই বিষয়ে লিখিবলৈ অসুবিধা পাইছোঁ। কাৰণ সেই পদ্ধতি কোনোবাই অসৎ কামতো প্ৰয়োগ কৰিব পাৰে ! সি যি নহওক, হেংদানৰ খোঁচ এবাৰ কাৰোবাৰ গাত লাগিলে মানুহজন বছাৰ আশা নাছিল। ইয়াৰ কাৰণ হ’ল হেংদানৰ খোঁচত যি ঘা হৈছিল সেই ঘা নুশুকাইছিল, বহলি বহলিহে গৈ আছিল।
হেংদানখনক ৰাজ-আভৰণ হিচাপেও গণ্য কৰা হৈছিল। আহোম ৰজাৰ ৰাজ-সিংহাসনৰ ওচৰত সদায় শৰাই-ঢকাৰে ঢাকি এখন সোণীয়া হেংদান থোৱা হৈছিল। সেইখন লৰচৰ কৰাটো ৰজাৰ মৰ্যাদা হানিকৰ কাৰ্য আছিল। ৰজা কাৰেঙত নাথাকিলে সেই সোণীয়া হেংদানখনক ৰজাৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছিল। হেংদানৰ লগত জড়িত আৰু বহু কথাই আছে। সেইখিনি ইয়াত লিখিলে লেখাটো বহুত দীঘল হৈ পৰিব বাবেই বাদ দিয়া হৈছে।
সেনাপতিয়ে লোৱা হেংদানৰ উপৰি ৰণলৈ ৰণুৱাই অন্য বহু প্ৰকাৰৰ হেংদান লৈ গৈছিল। সেইবোৰ হৈছে– দেও হেংদান, মন্ত্ৰপুত হেংদান, হাত হেংদান, তৰোৱাল, মুঠি তৰোৱাল, লাঠি তৰোৱাল, কালিকা লগা তৰোৱাল, বিজুলী তৰোৱাল, খাপৰী তৰোৱাল, মৰাণ তৰোৱাল, নৰা তৰোৱাল, বৰাহী তৰোৱাল, দুমুখীয়া তৰোৱাল, গুপ্তি তৰোৱাল, বিহ তৰোৱাল, জুই তৰোৱাল, জোং তৰোৱাল আৰু দুতৰপীয়া তৰোৱাল। এই হেংদান বা তৰোৱালসমূহৰ ব্যৱহাৰৰ জ্ঞান প্ৰশিক্ষণ কালত ৰণুৱাক দিয়া হৈছিল।
ৰণলৈ যোৱা সেনাপতিয়ে নাকৈ দা নামৰ হেংদানতকৈ দীঘল এবিধ বিশেষ অস্ত্ৰ কঁকালত বান্ধি লৈ গৈছিল। নাকৈ দাখনত সোণ খটুৱাই লৈছিল। এনে দা আহোমসকলে নগাসকলৰ পৰা লাভ কৰিছিল। হাতত নাকৈ দা থাকিলে শত্ৰু ৰণুৱাৰ পৰা চাৰিওফালে প্ৰায় ছয়-সাত হাত মানৰ ওচৰলৈ আহিব পৰা নাছিল।
হেংদান কেৱল ৰণৰ সঁজুলিয়েই নাছিল, ই লোক-সংস্কৃতিৰো অংগ আছিল। চকলং বিবাহ ব্যৱস্থা, বিষয়া নিযুক্তি পৰ্ব আৰু বিভিন্ন লোকাচাৰ বা আচাৰ-অনুষ্ঠানত হেংদানক বিশেষভাৱে মান্যতা দিয়া হৈছিল। ৰজাৰ চাঙলৈ ডাঙৰীয়াক ৰজাই মাতি কথা-বতৰা পতাৰ পিছত ভিতৰ তামুলী বা হেংদান ধৰাই শৰাই-ঢকাৰে ঢাকি আনি হেংদান উপহাৰ দিয়াৰ পিছত ডাঙৰীয়াজনে বিদায়ৰ সময় হোৱা বুলি বুজি পাইছিল আৰু তৎক্ষণাত সেই ঠাই ত্যাগ কৰিছিল। কোনো কোনো ডাঙৰীয়াই এনে সময়ত সোণীয়া হেংদানো উপহাৰ পাইছিল। সোণীয়া হেংদান উপহাৰ পোৱাটো এটা বৰ ডাঙৰ ৰাজকীয় সন্মান আছিল।
(ফেচবুকৰ পৰা সংগৃহীত)