1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:42 am

গুৱাহাটীত সকলো শিক্ষানুষ্ঠান হিন্দুয়ে স্থাপন কৰা, মুছলমানে এই মহান কাম কৰিব পৰা নাইঃ হাইদৰ হুচেইন…

  • Update Time : Wednesday, March 8, 2023

ডিজিটেল ডেস্কঃ বিশিষ্ট সাংবাদিক তথা প্ৰৱন্ধকাৰ হাইদৰ হুচেইনৰ এক মন্তব্যক লৈ শেহতীয়াকৈ তীব্ৰ চৰ্চা হৈছে সচেতন মহলত। এক অনুষ্ঠানত হুচেইনে কৰা এটা মন্তব্যক লৈ এই চৰ্চা আৰম্ভ হৈছে। হুচেইনে কৈছিল যে- গুৱাহাটীখনত ৫০শতাংশৰো অধিক মাটিৰ মালিক হৈছে মুছলমান লোক। কিন্তু পৰিতাপৰ কথা যে, তেওঁলোকে এতিয়ালৈকে এখনো বিদ্যালয় স্থাপন কৰিব পৰা নাই। ” হুচেইনে লগতে গুৱাহাটীত বিদ্যালয় প্ৰতিষ্ঠা কৰা কেইগৰাকীমান জনজাতীয় লোকৰো নাম ল’লে। তেওঁ ক’লে- ” গুৱাহাটীত ফাগুনা ৰাভা , গোপাল বড়োৰ দৰে লোকে বিদ্যালয় প্ৰতিষ্ঠাৰ বাবে ভূমি দান কৰিছে বা বিদ্যালয় স্থাপন কৰিছে। কিন্তু মুছলমান লোক সকলে এনে মহান কাম কৰিব পৰা নাই।” 

হুচেইনৰ এই মন্তব্যৰ পাছতে মুছলমান সমাজৰ মাজতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সংবাদমাধ্যমৰ আগত হুচেইনে এই বিষয়টোক লৈ পুনৰ কয়-  নামঘৰ প্ৰতিষ্ঠাৰ বাবে কৰবাত কোনোবাই মাটি খুজিছে আৰু মুছলমান লোকে দিছে। কিন্তু গুৱাহাটীত ১০০-২০০বিঘা মাটিৰ মালিক হৈও কোনো মুছলমানে বিদ্যালয় এখন খোলাৰ মানসিকতা নাই।

ইছলাম ধৰ্মাৱলম্বী লোকৰ কিছু সমাজৰ প্ৰতি দায়িত্ব আছে সেই দায়িত্বৰ পৰা পালন কৰিবলৈ আহ্বান জনালে বিশিষ্ট সাংবাদিক তথা প্ৰৱন্ধকাৰ হাইদৰ হুচেইনে।

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme