ডিজিটেল ডেস্কঃ কলকাতাৰ নতুন নায়ক হিচাপে ধৰা দিলে ৰিংকু সিং। ২০১৮চনত আই পি এলত কলকতাৰ স্বত্বাধিকাৰী শ্বাহৰুখ খানে মাত্ৰ ৮০লাখ টকাত ক্ৰয় কৰিছিল ৰিংকু সিঙক। আই পি এলৰ অন্য খেলুৱৈৰ তুলনাত অতি কম দামত ক্ৰয় কৰা এই খেলুৱৈগৰাকী এতিয়া সোণ হৈ জিলিকিছে। বিপদৰ সময়ত ৰিংকু সিঙ কলকাতাৰ দলটোৰ বাবে যেন ত্ৰাণকৰ্তা হৈ ধৰা দিলে।
৯এপ্ৰিল, ২০২৩ৰ খেলখনত সকলোৱে কলকাতা নিশ্চিত পৰাজয় হব বুলিয়ে ধাৰণা কৰিছিল। শেষ অভাৰটোত ২৯ৰাণ সংগ্ৰহ কৰাটো কলকাতাৰ বাবে বৰ কঠিন হব বুলি সকলোৱে ভাৱি লৈছিল। অভাৰটোৰ আৰম্ভণিতে উমেশ যাদৱে ১ৰাণ সংগ্ৰহ কৰি খেলখনৰ দায়িত্ব দিয়ে ৰিংকুৰ কান্ধত। আৰু তাৰ পিছৰখিনি কি হল, এতিয়া সকলোৱে জানে।
ৰিংকু এতিয়া সমগ্ৰ দেশৰ ক্ৰিকেট অনুৰাগীসকলৰ লগতে বিশ্লেষকসকলৰো চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বৰ বেছি চৰ্চালৈ নহা ৰিংকুৰ এই খেলক লৈ এতিয়া সকলোৱে জানিব বিচাৰিছে ৰিংকুৰ বিষয়ে। ৰিংকু সিঙৰ ঘৰ উত্তৰ প্ৰদেশৰ আলিগড়ত। বৰ্তমান পৰ্যায়ত উপনীত হবলৈ ৰিংকুয়ে কিমান সংগ্ৰাম কৰিছে সেয়াও এটা উতসাহজনক কাহিনী।
ৰিংকুৰ ঘৰত আছে ৫ভাতৃ-ভগ্নী। অতি দৰিদ্ৰ পৰিয়াল আছিল ৰিংকুৰ পৰিয়াল। পিতৃয়ে তথাপিও বিচাৰিছিল এদিন এখন ডাঙৰ খেলপথাৰত খেলিব ৰিংকুয়ে। কিন্তু আৰ্থিক দিশৰ পৰা অতি পিছপৰা ৰিংকুয়ে ঘৰ চলাবলৈ প্ৰথমে আলীগড়ত ঘৰে ঘৰে ডেলিভাৰী দিছিল চিলিণ্ডাৰৰ। ইয়াৰ মাজতে আজৰি সময় উলিয়াই ক্ৰিকেট খেলিছিল ৰিংকুয়ে।