1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:39 am

আৰু অলপ বাকী! গুৱাহাটীবাসীয়ে উশাহ ল’বলৈও ১০০বাৰ ভাবিব লাগিব…

  • Update Time : Wednesday, January 18, 2023

ডিজিটেল ডেস্কঃ আৰু অলপ বাকী! গুৱাহাটীবাসীয়ে উশাহ লবলৈও ভাৱিব লাগিব। গুৱাহাটী মহানগৰীত ভয়াৱহভাৱে বৃদ্ধি পাইছে বায়ু প্ৰদূষণ । বিগত প্ৰায় দুসপ্তাহ ধৰি গুৱাহাটীৰ বায়ু প্ৰদূষণ সূচাংক ‘অতি বেয়া’ অৰ্থাৎ ৩৫০-৩৬০ লৈকে বৃদ্ধি পাইছে ।

এই তথ্য অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে সদৰী কৰিছে । গুৱাহাটীত বায়ু প্ৰদূষণ সূচাংক ৪০০ৰ ওপৰত গ’লেই বিপজ্জনক সীমা অতিক্ৰম কৰিব । মহানগৰীত জধে-মধে চলি থকা নিৰ্মাণকাৰ্যৰ ফলতে অভাৱনীয়ভাৱে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে ।

উল্লেখ কৰা প্ৰয়োজন যে,  বায়ু প্ৰদূষণ ৰোধৰ বাবে এতিয়া প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, জিলা প্ৰশাসন, বন বিভাগ, পৰিবহন বিভাগকে ধৰি মুঠ ১১টা বিভাগ উঠি-পৰি লাগিছে । যদিহে এই প্ৰদূষণ নিয়ন্ত্ৰণলৈ নাহে, তেন্তে দিল্লীৰ নিচিনাই হব গুৱাহাটীৰ অৱস্থা, যত উশাহ লবলৈও ভাৱিব লাগিব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme