1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
June 29, 2024, 9:33 am

কেজৰিৱালে নাপালে স্থান! গুজৰাটবাসীৰ মনত কেৱল পদুম…

  • Update Time : Thursday, December 8, 2022

ডিজিটেল ডেস্কঃ ব্যাপক প্ৰচাৰ আৰু না না প্ৰতিশ্ৰুতি প্ৰদান কৰিও গুজৰাটবাসীৰ মন জয় কৰি নোৱাৰিলে কেজৰিৱালে। ভোটযুদ্ধত গুজৰাটবাসীয়ে প্ৰত্যাখান কৰিলে কেজৰিৱালক। দিনৰ ১.৪০বজালৈকে গুজৰাটত আপে মাত্ৰ ৫খন আসনত অগ্ৰগতি লাভ কৰি থকাৰ বিপৰীতে বিজেপিয়ে ১৫৮খন আসনত অগ্ৰগতি লাভ কৰি আছে। ইয়াৰে ৭খন আসনত ইতিমধ্যে জয়ী হৈছে বিজেপি।

উল্লেখ কৰা প্ৰয়োজন যে, গুজৰাটত কংগ্ৰেছে ১৬খন আসনত অগ্ৰগতি লাভ কৰি আছে। ইফালে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল ১লাখৰো অধিক ভোটৰ ব্যৱধানত জয়ী হৈছে। এতিয়ালৈকে বিজেপিয়ে মুঠ ভোটৰ ৫২শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, গুজৰাট দখলৰ বাবে আম আদমী পাৰ্টিয়ে সৰ্বতো প্ৰকাৰে চেষ্টা কৰিছিল যদিও মুঠ ভোটৰ মাত্ৰ ১২শতাংশ ভোটহে লাভ কৰিবলৈ সক্ষম হৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme