1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
August 30, 2025, 11:26 pm

খং-চং বেছিকৈ কৰি নাথাকিবাঃ GP সিঙক সাৱটি কৈ গ’ল ভাস্কৰ জ্যোতি মহন্তই…

  • Update Time : Tuesday, January 31, 2023

ডিজিটেল ডেস্কঃ ৩১বছৰীয়া চাকৰিৰ জীৱন সামৰণি মাৰি ৩১জানুৱাৰী ২০২৩ত অসম আৰক্ষীৰ শীৰ্ষ পদৰ পৰা বিদায় ললে ভাস্কৰ জ্যোতি মহন্তই। নতুন ডিজিপি হিচাপে জি পি সিঙক দায়িত্ব অৰ্পন কৰা সেই সময়ত কিছু আবেগিক হৈ পৰিছিল ভাস্কৰ জ্যোতি মহন্ত। অসম আৰক্ষীক এক নতুন গতি আৰু আধাৰুৱা কামবোৰ নতুন আৰক্ষী সঞ্চালক প্ৰধানজনে সম্পূৰ্ণ কৰিব বুলি আশা কৰি দায়িত্ব অৰ্পন কৰিলে জি পি সিঙৰ হাতত। বিদায় ক্ষণত জি পি সিঙৰ সৈতে ভাস্কৰ জ্যোতি মহন্তৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা দোহাৰি মহন্তই কয়- তেওঁ অসম আৰক্ষীক সুন্দৰভাৱে আগুৱাই নিব। সেই বিশ্বাস মোৰ আছে।

একেবাৰে শেষৰ সময়ত ভাস্কৰ জ্যোতি মহন্তই জি পি সিঙক সাৱটি ধৰে আৰু কয় যে- খং চং বেছিকৈ কৰি নাথাকিবা। ভালকৈ থাকিবা। 

উল্লেখ কৰা প্ৰয়োজন যে, বিদায়ৰ আগ দিনা ভাস্কৰ জ্যোতি মহন্তই মৈত্ৰী আচনিৰ অধীনত নতুনকৈ নিৰ্মাণ কৰা অসম আৰক্ষীৰ এটা বিশ্ৰামালয় উদ্বোধন কৰে ডিজিপি হিচাপে তেওঁ অংশ লোৱা এইটোৱেই আছিল তেওঁৰ অন্তিম অনুষ্ঠান

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme