ডিজিটেল ডেস্কঃ ৰাজ্যত কেইবাদিনো ধৰি অব্যাহত আছে মুষলধাৰ বৰষুণ। গুৱাহাটীৰ অৱস্থা বহলাই কোৱা হয়তো প্ৰয়োজন নাই। প্ৰকৃতিৰ এনে ভয়ংকৰ ৰূপৰ মাজতে গোৱালপাৰাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। গোৱালপাৰা জিলাৰ আজাদ নগৰত বৃহস্পতিবাৰে পুৱা ৬বজাত সংঘটিত হোৱা ভূমিস্খলনৰ ফলত দুটি শিশুৰ মৃত্যু হয়।
মৃত শিশু দুটি আছিৰ উদ্দিন শিকদাৰৰ সন্তান হুছেইন আলী আৰু আছমা খাতুন বুলি জানিব পৰা গৈছে। গোৱালপাৰা প্ৰশাসনে পুৱাই শিশুদুটিৰ মৃতদেহ উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। উল্লেখ কৰা প্ৰয়োজন যে, গুৱাহাটীতো বৃহস্পতিবাৰে পুৱাৰ ভাগত ভয়ংকৰ ভূমিস্খলনৰ ফলত কেইবাজনো লোক আহত হৈছিল।