ডিজিটেল ডেস্কঃ গৰমৰ দিনত শৰীৰৰ তাপ নিয়ন্ত্ৰণ ব্যৱস্থাই ঠিকমতে কাম নকৰাৰ ফলত শৰীৰৰ পৰা ঘাম ভালদৰে ওলাই নাযায়, যাৰবাবে তাপমাত্ৰা ক্ৰমশঃ বৃদ্ধি পায়। ইয়াকে চিকিৎসা বিজ্ঞানৰ ভাষাত হিটষ্ট্ৰোক বুলি কোৱা হয়। এনে ৰোগীক ঠাণ্ডা পানীৰে অথবা বৰফেৰে দেহ মচি দি থাকিব লাগে। বহু সময়ত আকৌ দেহৰ পৰা ওলোৱা অত্যধিক ঘামৰ লগত দেহৰ পানীভাগ আৰু ছ’ডিয়াম (নিমখ) ওলাই যায়। ইয়াৰ ফলত মাংসপেশীৰ সংকোচন হয় আৰু ৰক্তচাপো কমি যায়। ইয়াক হিট ক্ৰাম্প বুলি কোৱা হয়। এই সময়ত নিমখ-চেনি মিহলোৱা পানী, অ’ আৰ এছ, ডাবৰ পানী, চৰবত অথবা বাৰ্লিৰ পানী, দৈৰ ঘোল আদি খুওৱালে ভাল ফল পোৱা যায়। শৰীৰ সুস্থ ৰাখিবলৈ বিভিন্ন ধৰণৰ ৰসাল, ফলমূল খোৱা ভাল। নেমু, কমলা, মৌচম্বী, কুঁহিয়াৰ আদিৰ ৰস আদি উত্তম জুলীয়া পানীয়। আম, জাম, বেল, কঁঠাল, তৰমুজ, আঙুৰ, আম, লিচু আদি বতৰৰ ফলবোৰ খালে শৰীৰক লাগতিয়াল উপাদানবোৰ লগতে পুষ্টিও যোগায়। ফলৰ মাজত জলীয় অংশ যাৰ বেছি থাকে তেনে ফলে দেহৰ পানীভাগে সাম্য বজাই ৰখাত সাহায্য কৰে। নেমুৰ ৰসে ভোক বঢ়ায়। গ্ৰীষ্মকালত তৃষ্ণা নিবাৰণৰ বাবে নেমু পানীৰ সমান আন পানীয় আৰু নাই।
সাধাৰণতে গৰমৰ দিনবোৰত হজম শক্তি কম হোৱাৰ বাবে বদহজম হয়। হাইপাৰ এচিডিটি আৰু খাদ্য গ্ৰহণত অনীহাও দেখা যায়। এইবোৰ ৰোগ উপসৰ্গ আৰু অস্বস্তি এৰাই চলাৰ বাবে কিছু খাদ্যবস্তু আৰু পানীয় নিৰ্বাচন বা বৰ্জন কৰা দৰকাৰ। বৰ্জনীয় খাদ্য আৰু পানীয়- তেল, জ্বলা-মছলা সমৃদ্ধ খাদ্যসম্ভাৰ, অধিক ৰেড মীট বা প্ৰটিন সমৃদ্ধ খাদ্য, ফ্ৰিজৰ ঠাণ্ডা পানী, অত্যধিক চাহ-কফি, কটা ফল, ৰঙীন পানীয়, ৰাস্তাৰ বৰফ মিশ্ৰিত পানীয়। ৰদৰ পৰা আহিয়েই পানী খোৱা উচিত নহয়।
সুস্বাস্থ্য গঠনত বয়সৰ লগে লগে বিভিন্ন খাদ্য-উপাদানৰ প্ৰয়োজন হয়। প্ৰাপ্ত বয়সত যেতিয়া দৈহিক বৃদ্ধি কমি যায় তেতিয়া বিভিন্ন প্ৰকাৰৰ কাম-কাজ কৰাৰ বাবে শক্তিৰ প্ৰয়োজন হৈ পৰে। ইয়াৰ উপৰি ক্ষতিগ্ৰস্ত কোষ বা কলা পুনৰ গঠনৰ বাবে আৰু বিভিন্ন শৰীৰ বৃত্তীয় কাৰ্যকলাপ ঠিকমতে চলাই ৰাখিবলৈ আৰু অভাৱজনিত ৰোগৰ পৰা দেহক ৰক্ষা কৰাৰ বাবে বিভিন্ন উপাদান সঠিক বণ্টনৰ দৰকাৰ হৈ পৰে। একে বয়সৰ হ’লেও যিকোনো দুজন প্ৰাপ্তবয়স্ক লোকৰ শক্তিৰ চাহিদা একে ধৰণৰ কেতিয়াও নহয়। কাৰণ তেওঁলোকৰ শাৰীৰিক উচ্চতা, ওজন, কাম-কাজৰ প্ৰকৃতি আৰু শৰীৰ বৃত্তীয় অৱস্থা আৰু পৰিৱেশৰ ওপৰত কেলৰিৰ চাহিদা বহুখিনি নিৰ্ভৰ কৰে। কিন্তু এজন লোকৰ খাদ্য তালিকা এখন প্ৰস্তুত কৰিবলৈ গ’লে সকলো ঋতুতে একেই থাকে। মাথোঁ ঋতুভেদে যিবোৰ খাদ্যদ্ৰব্য স্থানীয়ভাৱে সহজে উপলব্ধ, দাম কম, সতেজ আৰু বতৰৰ ফলমূল অন্তৰ্ভুক্ত কৰা উচিত।
পুৱা-গধূলি লঘু আহাৰত চাওচাও, মেগী, লুচী আদিৰ সলনি চিৰা, দৈ, আখৈ, মুৰি, কোমল চাউল, শুকান ৰুটি বা বিভিন্ন ঘৰতে তৈয়াৰ কৰা পিঠা-পনা খাব পাৰি। এইবোৰে বদহজম, পেটৰ অসুখ আদিৰ পৰা শৰীৰক ৰক্ষা কৰিব। চাহ যিমান পৰা যায় কমাই খাব লাগে আৰু কফি পৰাপক্ষত নোখোৱাই ভাল। গৰমত দিনে কমেও দহ গিলাচ পানী খোৱা উচিত।
গৰমৰ দিনত বহুতে গৰমৰ কাৰণে ভাত খাব নিবিচাৰে। কিন্তু ভাত বা ৰুটি হৈছে আমাৰ মুখ্য আহাৰ গতিকে ভাত বা ৰুটি গ্ৰহণ নকৰিলে আমাৰ শৰীৰ দুৰ্বল হৈ পৰিব আৰু দুৰ্বল শৰীৰত ৰোগে সহজে আক্ৰ্মণ কৰিব পাৰে। বৰং এই কেইটা দিনত মাছ, মাংস, কণী, মছলা কমাই খাব লাগে। বিশেষকৈ মাংস গৰম বস্তু হোৱাত ই সহজে শৰীৰক উত্তেজিত কৰে। ইয়াৰ সলনি দাইল, সেউজীয়া শাক-পাচলি আৰু চালাড প্ৰচুৰ পৰিমাণে খাব লাগে। হোটেল, ৰেষ্টুৰাত খোৱাৰ অভ্যাস থকাসকলে গৰমৰ দিনকেইটা এই অভ্যাস পৰিত্যাগ কৰাই শ্ৰেয়। গৰমত শৰীৰ শীতল আৰু সুখৰ জুতি আনিবলৈ বিভিন্ন টেঙাৰ জোল খাব পাৰি। নেমু পেটৰ কাৰণে বৰ উপকাৰী। প্ৰতি সাঁজত নেমু খালে পেট ভালে থকাৰ লগতে ছাল চুলিও উজ্জ্বল হ’ব। কেতিয়াবা পুৰণা থেকেৰাৰ আঞ্জাও খাব পাৰি। ঘৰত পতা দৈ প্ৰতি সাঁজত নোৱাৰিলেও এদিন বাদে এদিন দুপৰীয়াৰ মুখ্য আহাৰৰ লগত খাব পাৰিলে ভাল। দৈয়ে পেট ঠাণ্ডা কৰাৰ লগতে বিভিন্ন ৰোগৰ বীজাণুও ধ্বংস কৰে। মাজে মাজে ভেদাইলতা, মচন্দৰি, মাণিমুনি, টেঙেচি আদি খাকে পেটো ভালে থাকিব আৰু দুগৰাহ ভাত বেছিকৈ খাব পাৰি।
গৰমৰ দিনত আম, কঁঠাল, প্লাম, লেতেকু আদি পোৱা যায়। ফলমূলে আমাৰ শৰীৰত শক্তিৰ যোগান ধৰাৰ লগতে প্ৰচুৰ পৰিমাণে আঁহ জাতীয় উপাদানো দিয়ে। ফলত কোষ্ঠকাঠিন্যৰ পৰা হাত সাৰিব পাৰি। এই সময়ত ওলোৱা তৰমুজে অনবৰত পানী খাবলৈ মন যোৱা ভাৱ নোহোৱা কৰে আৰু শৰীৰ শীতল কৰে। তদুপৰি বাৰ মাহে পোৱা কলবোৰটো আছেই। গতিকে নিজক সুস্থ আৰু কাৰ্যক্ষম কৰি ৰাখিবলৈ ফল-মূল খোৱা উচিত।