ডিজিটেল ডেস্কঃ ৰাজনীতিবিদৰ বিপক্ষে কথা কোৱাৰ আগতে এশবাৰ ভাৱক৷ ৰাজনীতিবিদৰ মানহানি কৰি বিপদত পৰিছে গুগল৷ ৰাজনীতিবিদক মানহানি কৰাৰ বাবেই প্ৰায় ৪ কোটি টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়া হৈছে গুগলক৷ ইউটিউবত এগৰাকী ৰাজনীতিবিদৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই বিপদত পৰিছে গুগল৷ ইউটিউবত চলা অপপ্ৰচাৰেই ৰাজনীতিবিদজনৰ ৰাজনৈতিক জীৱন ধ্বংসৰো অভিযোগ আহিছে গুগলৰ বিৰুদ্ধে৷ অষ্ট্ৰেলিয়াৰ এক আদালতত গুগলক বিহা হৈছে এই শাস্তি৷ আদালতে দিয়া নিৰ্দেশনা অনুসৰি গুগলৰ অদুৰদৰ্শিতাৰ বাবেই ৰাজনৈতিক নেতাজনৰ কেৰিয়াৰ ধ্বংসৰ গৰাহত৷
অষ্ট্ৰেলিয়াৰ এই ৰাজনীতিবিদজন হৈছে জন বাৰিলাৰো৷ তেওঁ অষ্ট্ৰেলিয়াৰ আটাইতকৈ জনবহুল প্ৰদেশ নিউ ছাউ ওৱেলছৰ উপ-প্ৰধান৷ অষ্ট্ৰেলিয়া আদালতে প্ৰকাশ কৰা অনুসৰি ৰাজনৈতিক নেতাজনক লৈ দুটা ইউটিউব ভিডিঅ’ নিৰ্মাণ হৈছিল৷ য’ত জনক আক্ৰমণ কৰি কিছু কথা প্ৰকাশ কৰিছিল৷ ভিডিঅ’টো ইউটিউবত প্ৰায় ৮ লাখ মানুহে চাইছে৷ ভিডিঅ’ দুটাৰ পৰা কেইবা লক্ষ ডলাৰ আয় কৰিছে ইউটিউবে, যাৰ মালিক গুগল৷ আদালতৰ মতে এই ইউটিউব ভিডিঅ’ত কৰা আক্ৰমণাত্মক মন্তব্যই হিংসাত্মক বাৰ্তাহে প্ৰচাৰ কৰিছে৷ আৰু এই হিংসাত্মক বাৰ্তা প্ৰচাৰৰ বাবেই প্ৰদান কৰিছে শাস্তি৷