1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 6:53 am

ভালখবৰ! প্ৰতিলিটাৰত ৯.৫০ টকাকৈ কমিল পেট্ৰলৰ দাম আৰু ডিজেল, এলপিজিৰ…

  • Update Time : Saturday, May 21, 2022

ডিজিটেল ডেস্কঃ ভালখবৰ! দেশবাসীলৈ সকাহ দিয়াৰ উদ্দেশ্যে গুৰুত্বপূৰ্ণ সিদ্ধান্ত চৰকাৰৰ৷ দেশত প্ৰতিলিটাৰত ৯.৫০ টকাকৈ কমিল পেট্ৰলৰ দাম৷ ইফালে প্ৰতিলিটাৰ ডিজেলৰ দামো ৭ টকাকৈ কমোৱাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে শনিবাৰে কৰিছে এই বিশেষ ঘোষণা৷ এলপিজি চিলিণ্ডাৰৰ দামো কমিব দেশত৷ এলপিজি এটা চিলিণ্ডাৰত ২০০ টকাকৈ ৰেহাই দিয়াৰো সিদ্ধান্ত কেন্দ্ৰৰ৷

ইতিমধ্যেই দেশত পেট্ৰল-ডিজেলে চেঞ্চুৰী মৰাক লৈ বিপাঙত পৰিছে জনতা৷ দামবৃদ্ধিয়ে কোঙা কৰা দেশবাসীলৈ অৱশেষত ভাল খবৰটো আহিল৷ নিৰ্মলা সীতাৰমনে টুইটযোগে এই কথা ঘোষণা কৰিছে৷ শনিবাৰে মাজ নিশাৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী কৰিব বুলিও প্ৰকাশ৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme