1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 23, 2025, 5:30 pm

গৰম নিৰ্বাচনী বতাহঃ গহপুৰত বিধায়ক পত্নী নামিল প্ৰচাৰত…

  • Update Time : Wednesday, March 2, 2022
ডিজিটেল সংবাদ, গহপুৰঃ  পৌৰ সভা নিৰ্বাচনক লৈ ৰাজ্যজুৰি ব্যাপক তৎপৰতা ৷ আৰু ব্যতিক্ৰম নহয় গহপুৰ পৌৰ সভা ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ গৰম হৈ উঠিছে নিৰ্বাচনী বতাহ ৷ ইতিমধ্যে গহপুৰত শাসকীয় বিজেপি দলে বিনা প্ৰতিদ্বন্দ্বীতাত তিনি খন ৱাৰ্ডত জয়লাভ কৰিছে ৷ আৰু বাকী সাতখন ৱাৰ্ডত নিৰ্বাচনী প্ৰচাৰ অভিযান তু্ংগত ৰাখিছে । প্ৰচাৰ অভিযানত বিভিন্ন নেতা -পালিনেতাৰ সমান্তৰালকৈ বিধায়ক উৎপল বৰাৰ লগতে বিধায়কগৰাকীৰ পত্নী স্বৰস্বতী বৰায়ো অংশগ্ৰহণ কৰা দেখা গৈছে । নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে বিধায়ক পত্নী গৰাকীয়ে বিভিন্ন ৱাৰ্ডৰ লগতে পাঁচ নং ৱাৰ্ডতো খোজ কাঢ়ি বৃহৎ সমদলৰে প্ৰচাৰ অভিযান চলায় । আৰু সাংবাদিকৰে হোৱা মুখামুখিত বিধায়ক পত্নী গৰাকীয়ে গোটেইকেইখন ৱাৰ্ডতে বিজেপিয়ে জয়লাভ কৰিব বুলি মত পোষণ কৰে ।
 
(গহপুৰৰ পৰা ৰাজীৱ বৰুৱা প্ৰতিবেদন)

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme