ডিজিটেল ডেস্কঃ কৰোনা নহয়, এতিয়া জাপানিজ এনকেফেলাইটিছৰ বাবে অসমত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। যোৱা শুকুৰবাৰৰ দিনটোত সমগ্ৰ ৰাজ্যত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে ১৬গৰাকীকৈ লোক। শুকুৰবাৰৰ দিনটোতে ৰাজ্যত এই ৰোগে প্ৰাণ কাঢ়িলে ৪গৰাকী ব্যক্তিৰ।
ইফালে ৰাজ্যত কৰোনাৰ সংক্ৰমণো বৃদ্ধি পাইছে। যোৱা শুকুৰবাৰৰ দিনটোত কৰোনাই ১গৰাকী লোকৰ প্ৰাণ কঢ়াৰ লগতে ৭০৬গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰোনাৰ সংক্ৰমণ। লক্ষ্যণীয়ভাৱে ধুবুৰীত সৰ্বাধিক লোকৰ দেহত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি। যোৱা শুকুৰবাৰৰ দিনটোত ধুবুৰী জিলাতে ৬৬গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰোনাৰ।