ডিজিটেল ডেস্কঃ অসমীয়া ছবিজগতৰ এগৰাকী চিনাকি অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী। শিক্ষা জীৱনত কোনো দিন ষ্টেজত উঠি অভিনয় কৰি নোপোৱা এই গৰাকী অভিনেত্ৰী গীতাৱলীৰ “পূৱালী” আলোচনীত ওলোৱা ফটোখনেই আছিল জীৱনৰ টাৰ্ণিং পইন্ট।
তাৰ পিছতেই তেওঁক প্ৰথমখন ছবি “কৃষ্ণচূড়া” ৰ বাবে বিচৰা হৈছিল। অভিনয়ৰ কথা একো নজনাকৈ তেওঁ সোমাই পৰিছিল অভিনয় ক্ষেত্ৰখনত। উক্ত ছবিখনত তেওঁৰ সহঃ অভিনেতা হিচাপে অভিনয় কৰিছিল তপন দাসে।
অভিনেত্ৰীগৰাকীৰ জন্ম যোৰহাটত।বাংলা, উড়িয়া, কানাডা আদি ভাষাত নিৰ্মিত ছবিসমূহৰ উপৰিও “আহত” নামে হিন্দী ধাৰাবাহিকখনৰ বাবেও বিচৰা হৈছিল গীতাৱলীক কিন্তু একাষাৰে এইবোৰ কৰাত অমান্তি হৈছিল তেওঁ।
অসমীয়া “প্ৰিয়া অ’ প্ৰিয়া”, “হিয়া দিয়া নিয়া”, “ককাদেউতাৰ ঘৰ জোঁৱাই” কে ধৰি বিভিন্ন খন ভিচিডিত অভিনীত এইগৰাকী অভিনেত্ৰীৰ অভিনয় বৰ্তমান দৰ্শকে দেখিবলৈ পাইছে ৰং চেনেলত যোগে প্ৰচাৰিত ধাৰাবাহিক “বান্ধোন” ত।
উল্লেখ কৰা প্ৰয়োজন যে, গীতাৱলীৰ জীয়াৰী অনুষ্কা ৰাজকুমাৰীও দেখাত খুবেই মৰমলগা। শেহতীয়াকৈ ছচিয়েল মিডিয়াত জীয়াৰী অনুষ্কাক লৈও চৰ্চা চলিছে।