1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 12:19 pm

গুৱাহাটী কৰ্মাচ কলেজত শিক্ষকৰ চৰত কাণৰ পৰ্দা ফাটিল ছাত্ৰৰ…

  • Update Time : Thursday, April 28, 2022

ডিজিটেল ডেস্কঃ আগতে আছিল চেকনিৰ আগত বিদ্যা। কিন্তু লাহে লাহে সেই কথা গুচিল। এতিয়া কোনো শিক্ষকে চেকনিৰ আগত শিক্ষা দিলে ৰোষতহে পৰা দেখা যায়। সেয়া যি কি নহলেও শেহতীয়াকৈ গুৱাহাটী কৰ্মাচ কলেজত সংঘটিত হল এক ঘটনা। শিক্ষকৰ চৰত কাণৰ পৰ্দা ফাটিল ছাত্ৰৰ। হেমন্ত কুমাৰ ডেকা নামৰ প্ৰবক্তাগৰাকীৰ প্ৰহাৰত কাণৰ পৰ্দা ফাটিল শুভম ক’ৰ নামৰ ছাত্ৰগৰাকীৰ।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত চানমাৰি থানাত এজাহাৰ দাখিল কৰিছে ছাত্ৰগৰাকীৰ পৰিয়ালে। এতিয়ালৈকে আৰক্ষীয়ে প্ৰবক্তাগৰাকীৰ ওপৰত বিশেষ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি জানিবলৈ দিছে পৰিয়ালে। ইফালে প্ৰৱক্তাগৰাকীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছে পৰিয়ালে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme