ডিজিটেল ডেস্কঃ বিগত প্ৰায় ৪৮ঘন্টা ধৰি অসমৰ ছচিয়েল মিডিয়াত অন্য বিষয়ৰ লগতে চৰ্চাত আছে গামোচা বিৰ্তক। গামোচাক লৈ কিয় ইমান চৰ্চা তাক হয়তো বহলাই কোৱাৰ প্ৰয়োজন নাই। কিন্তু আচলতে আমি গামোচাৰ বিষয়ে কিমান জানো, সেয়াও নিজক সুধিব লগা প্ৰশ্নবোৰৰ ভিতৰত এটা প্ৰশ্ন।
গামোচা এখন মুগা, পাটৰ বা সাধাৰণ সূতাৰ যিয়েই নহওঁক। শিপিনী গৰাকীয়ে অতিকৈ হেপাহেৰে বয়। গাওঁৰ জীয়ৰী বোৱাৰীয়ে তাঁত শালৰ খট খটনি ৰঙা আচু সূতাৰে গামোচা যুতি লগাই অতি ব্যস্ততাৰে চেনেহৰ জনলৈ ভমকা ভমকা ফুলৰ চানেকীৰে ফুল বাচি সপোন ৰচি ৰচি জাত জাত বিহু নামৰ ছেৱে ছেৱে তাঁত শালৰ ৰ্দোপতি গৰকা শিপিনীক ফুল বাচি গামোচা ব’বলৈ প্ৰেৰণা যোগাই। চেনেহৰ দীঘ আৰু হেপাহৰ বাণীৰে বোৱা গামোচা খনক লৈ অসমীয়া জাতিৰ বাবে ই সঁচাকৈ গৌৰাম্বিত।
বিভিন্ন জনগোষ্ঠীয়ে বিভিন্ন গামোচা ব্যবহাৰ কৰে ৷ যদিও গামোচাৰ কিছুমান প্ৰকাৰ আছে-
গোঁসাই থাপনাৰ গামোচা: এই গামোচাখন গোঁসাই থাপনাত আৰু মনিকুটত ব্যৱহাৰ কৰা দেখা যায়।
ভকতিয়া গামোচা:দুইফালে ফুল থাকে ভকত বৈষ্ণবে নামঘৰত যাওঁতে ব্যৱহাৰ কৰে ৷
বিহুৱান: এই বিহুৱান খন সবাতোকৈ আদৰনীয় আৰু সম্ভাষণ সূচক। বিহুৰ দিনা আপোন আৰু জ্যেষ্ঠ জনক সম্ভাষণ জনাবলৈ গামোচা খনেই শ্ৰেষ্ঠৰ শাৰীত পৰে। এই গামোচা খনত চেনেহ আছে, শ্ৰদ্ধা আছে আৰু সাগৰৰ গভীৰতাৰ দৰে আন্তৰিকতা আছে। প্ৰেমিকাই প্ৰেমিকক দিয়া শ্ৰেষ্ঠ উপহাৰ হিচাবে দিবলৈ অধীৰ আগ্ৰহেৰে বহু দিনৰ আগৰ পৰাই শিপিনীয়ে বোৱাৰ প্ৰস্তুতি চলায়। অসমৰ আপুৰুগীয়া প্ৰকৃতি তথা সংস্কৃতিৰ চানেকীৰে গামোচাত ৰঙাসূতাৰে ফুল বাচে তাঁত শালত ৰঙা আঁচেৰে বিহুৱান খনি।
বৰফুলৰ গামোচা: দৰা গামোচা ৷ দৰাই বিশেষকৈ ব্যৱহাৰ কৰে এইবিধ গামোচা।
কমৰ বন্ধ গামোচা: কৃষি কৰ্মৰ সময়ত মুৰত বা ককালত মাৰি লয় ৷
পানী গামোচা/তিয়নি গামোচা: এই গামোচা মজলীয়া কেঁচা সূতাৰে তৈয়াৰ কৰা হয়। মুটা সূতা প্ৰয়োগ কৰা আৰু আঠুৰ ওপৰত পৰা এই গামোচাখন সাধাৰণতে নামনি অসমত বহুল ভাৱে প্ৰচলিত। তেওঁলোকে ঘৰতে পৰিধান কৰে আৰু গা-ধোৱাৰ সময়ত পিন্ধে বাবে তিয়নী গামোচা বুলি জনাজাত।
আনাকাটা গামোচা: আনাকাটা মানে হৈছে যিখন গামোচা কাটি উলিওৱা নহয়। অৰ্থাৎ তাঁতশালত বৈ উঠাৰ পিছত দুখন গামোচা পৃথক কৰিবলৈ কেচিঁ বা ব্লেড বা কটাৰি ব্যবহাৰ নকৰি হাতেৰে সূঁতাবিলাক চিঙি নাইবা শিলত থেতেলিয়াই উলিওৱা গামোচা। ইয়াক সাধাৰণতে বিয়াৰ সময়ত দৰা বা কইনাৰ গাত দিয়া হয়।
পানীতোকা গামোচা : মহিলা সকলে চুলিৰ পানী তুকিবৰ বাবে চুলিত বান্ধি থয় ৷
মুখমোচা গামোচা: এইবিধ গামোচা সৰু আকাৰৰ হয়। বিশেষকৈ মখমণ্ডল মচিবৰ বাবে ব্যৱহাৰ কৰা হয় এইবিধ গামোচা।
অসমৰ বিভিন্ন জনগোষ্ঠীয়ে নিজ নিজ গামোচা ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে কছাৰী আৰু কোচসকলৰ গামোচা হালধীয়া ৰঙৰ, তিৱা সকলৰ কমলা ৰঙৰ বা ৰাভাসকলৰ ৰঙা। বগা ৰঙৰ গামোচাখন উজনি অসমত সৃষ্টি হৈছিল[উদ্ধৃতিৰ প্ৰয়োজন] আৰু ইয়াৰ থলুৱা ভূমিপুত্ৰ চুতীয়া/বৰাহী, দেউৰী, মৰাণ, ইত্যাদি জনগোষ্ঠীৰ লোকে ব্যৱহাৰ কৰিছিল। এই গামোচাৰ ৰং বগা হোৱাৰ এটা বিশেষ কাৰণ আছে।
প্ৰাচীন কালত উজনি অসমত জনজাতীয় তান্ত্ৰিক ধৰ্মৰ প্ৰচলন আছিল আৰু এই থান সমূহত দেউৰী পূজাৰীয়ে পূজা কৰিছিল। দেউৰী নীতি-নিয়ম অনুসৰি থানৰ ভিতৰত বগা ৰঙৰ বস্ত্ৰ সলনি আন ৰঙৰ বস্ত্ৰ পৰিধান কৰি সোমোৱা নিষেধ আছিল। লোক বিশ্বাস মতে দেৱীয়ে বগা বাহিৰে অন্য ৰঙৰ কাপোৰ সহ্য নকৰে। নামনি অসমত গামোচাক ‘গাম্চা’, ‘মুক্চা’ বা ‘দুহেইটা’ আদি নামেৰে জনা যায়।
অসমীয়া উইকিপিয়াত উল্লেখ থকা মতে, গামোচা অসমীয়াৰ সমাজ জীৱনৰ অতি আদৰৰ বস্ত্ৰ। সাধাৰণতে গামোচা চাৰিওফালে ৰঙা সূঁতাৰে (সেউজীয়া ৰঙো থাকে) পাৰি দি বোৱা এখন বগা দীঘলীয়া কাপোৰ। কপাহী সূঁতাৰে বিশেষভাৱে গামোচা তৈয়াৰ কৰা হয় যদিও পাট আদি সূঁতাৰেও ইয়াক তৈয়াৰ কৰা হয়।