1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 5:27 am

এজোপা আম গছত ৪মহলীয়া অট্টালিকা, চাই লওঁক PHOTOS…

  • Update Time : Saturday, December 11, 2021

ডিজিটেল ডেস্কঃ সকলোৰে এটা ধাৰণা থাকে, কিবা ঘৰ বা ৰাস্তা বনাবলৈ যেতিয়া এডোখৰ ভূমি নিৰ্বাচন কৰা হয় তাত যদি গছ-গছনি থাকে তাক কাটি লৈহে উক্ত কাম কৰিব পাৰি। কিন্তু এই কথা ভুল প্ৰতিপন্ন কৰি শেহতীয়াকৈ এজোপা গছক সাৰথি কৰিছে নিৰ্মাণ কৰা হল এটা  সুন্দৰ অট্টালিকা। প্ৰকৃতিক সৈতে ভাৰসাম্য ৰক্ষা কৰি বহনক্ষম উন্নয়নৰ উদাহৰণ দি এই ঘৰ নিৰ্মাণ কৰা হৈছে  ৰাজস্থানৰ উদয়পুৰত।

नहीं काटी पेड़ की एक भी टहनी

উদয়পুৰৰ এগৰাকী আই আই টি ইঞ্জিনিয়াৰে নিৰ্মাণ কৰিছে এই ঘৰটো। এজোপা বৃহত আম গছ নকটাকৈয়ে তাৰে ঠাল-ঠেঙুলিৰ ফাঁকে ফাকেঁ নিৰ্মাণ কৰা হৈছে এই ঘৰটো।  ২০০০চনতে নিৰ্মাণ কৰা হৈছিল এই বিশেষ ঘৰটো। ঘৰটো যিজোপা গছত নিৰ্মাণ কৰা হৈছে সেই গছজোপাৰো বয়স ৮০বছৰৰো অধিক।

घर के भीतर लटकते हैं फल

টি হাউছ নামেৰে জনাজাত এই ঘৰটোত আছে সকলো সুবিধা। আছে কেইবাটাও  শোৱনি কোঠাৰ লগতে লাইব্ৰেৰী। ছচিয়েল মিডিয়াত এই ঘৰটোক লৈ প্ৰায়ে খুবেই চৰ্চা হয়।

जमीन से 9 फीट ऊपर बना है यह आशियाना

ভূপৃষ্ঠৰ পৰা ৯ফুট ওপৰত নিৰ্মাণ কৰা হৈছে এই ঘৰটো। এই ঘৰটোৰ উচ্চতা প্ৰায় ৪০ফুট।

80 साल पुराने आम के पेड़ पर बना मकान

৪মহলীয়াকৈ বনোৱা এই ঘৰটো কোনো চিমেন্ট ব্যৱহাৰ কৰা নাই।  ইয়াৰ পৰিৱৰ্তে ষ্টীল, ফাইবাৰ আদিৰে নিৰ্মাণ কৰা হৈছে ঘৰটো। যদিহে অতিকৈ বেগত বতাহ বলে সেই সময়ত ঝুলনাৰ দৰে লৰি থাকে ঘৰটো।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme