1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:38 am

টিহুৰ উত্তৰ বালিৰ দুঠাইত ছিঙিল মথাউৰি…

  • Update Time : Wednesday, June 15, 2022

ডিজিটেল ডেস্কঃ টিহু উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪৫ নং পশ্চিম নামবৰভাগ গাঁও পঞ্চায়তৰ উত্তৰ বালিৰ টিহু-আখৰা গড়কাপ্টানি পথৰ পৰা কৈহাটীপাৰালৈ যোৱা মৰাপাগলদিয়াৰ নদীৰ পূৱ পাৰৰ মথাউৰিটো বুধবাৰে পুৱাই বাঢ়নী পানীয়ে ছিঙি নিয়াৰ ফলত বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰে। বিগত দুদিন ধৰি নেৰানেপেৰাকৈ দি থকা বৰষুণৰ ফলত ফেনে-ফোটোকাৰে বাঢ়িছে মৰা পাগলদিয়া। বাঢ়নী পানীয়ে পুৱাই মথাউৰি ছিঙি বড়ো নদীপাৰ চুপা, কৈহাটীপাৰা, গোৱৰাদল, ষাঠিকুছি, গড়বেৰ, সাৰাপাৰা, কুলবিল আদি গাঁওসমূহ প্লাৱিত কৰিছে। খাল পুখুৰী আদিও ডুব গৈছে পানীত।

পানীত বুৰ গৈছে অঞ্চলটোৰ খেতিয়কৰ কঠীয়াকে ধৰি কৃষিভূমি। আনকি পোহনীয়া গৰু,ছাগলী ৰখাবলৈ ঠাই নোহোৱা হৈছে অঞ্চলসমূহত। বহুসংখ্যক পৰিয়ালৰ চোতাল, ঘৰৰ মজিয়াতো পানী সোমোৱা দেখা গৈছে। বাঢ়নী পানীয়ে অঞ্চলসমূহৰ বাট পথসমুহো জলমগ্ন কৰি পেলাইছে। উল্লেখ্য যে ৪৫ নং পশ্চিম নামবৰভাগ গাঁও পঞ্চায়তে মথাউৰি নিৰ্মানত বছৰি লক্ষ লক্ষ টকা ব্যয় কৰিলেই উপযুক্তভাৱে নিৰ্মাণ নকৰাৰ ফলত বছৰি ৰাইজে হাৰাহাস্তি হৈ অহা বুলি অভিযোগ কৰিছে। আনফালে মৰাপাগলদিয়া নৈৰ পশ্চিম পাৰৰ মথাউৰিটো উত্তৰ বালিত পুনৰ ছিঙি উত্তৰ বালি ,শিয়ালমাৰী, বালি, হাৰিভাঙা, ভোজকুছি, বৰপীতকে ধৰি বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme