ডিজিটেল ডেস্কঃ বৰ্ষা ঋতু ভালপাওঁ মই, প্ৰতিশ্ৰুতি থাকে তাত…আজিৰ অসমীয়াই কেনেকৈ ভালপাব বৰ্ষাক! ভূপেন দাৰ সেই যুগত অসমো যে এনেকুুৱা নাছিল। বৰ্ষাজাক তেতিয়া চহা খেতিয়কৰ ভৰুণ এক হেঁপাহ আছিল। প্ৰাকৃতিক ভাৱে চহকী অসমৰ প্ৰকৃতি আজি ৰুষ্ঠ হৈছে। প্ৰকৃতিৰ উৰ্দ্ধত কোনো হ’ব নোৱাৰে তাকেই যেন বাৰে বাৰে কৈছে এই সময়ে।
এফালে যদি বান ভূমিস্খলনত বিধস্ত পূবৰ ছুইজাৰলেণ্ড হাফলঙ আনফালে ৰাজ্যৰ প্ৰায়কেইখন জিলাই পানীৰ তলত। প্ৰৱল বান, গৰাখহনীয়া, ভূমিস্খলন ইত্যাদি ইত্যাদি নেৰানেপেৰা দুৰ্যোগ এতিয়া ৰাজ্যত। বানে গৃহহীন কৰিছে ৰাজ্যৰ প্ৰায় ৪ লক্ষাধিক পৰিয়ালক। চৰকাৰী হিচাপ অনুসৰি প্ৰাণ হেৰুৱাইছে ৮গৰাকী লোকে। যদিও ঋতু হিচাপে বৰ্ষা পোৱাহি নাই তথাপিও নেৰানেপেৰা বৰষুণজাকে ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্ততেই সৃষ্টি কৰিছে বিভীষিকাৰ।
ৰাজ্যৰ ২৬খন জিলা বৰ্তমানো ডুব গৈ আছে বানত। এই ২৬খন জিলাত আছে ১৫০০ৰো অধিক গাওঁ। চৰকাৰী পৰিসংখ্যা অনুসৰি ৰাজ্যত এতিয়া বানৰ কৱলত পৰা লোকৰ সংখ্যা ৫ লাখৰো অধিক। ডিমাহাছাওৰ পৰিস্থিতি বৰ্তমানো অপৰিবৰ্তিত। ভাইৰেল ভয়াৱহ ছবিবোৰে চিন্তিত কৰিছে সচেতন প্ৰত্যেকগৰাকী লোকক। হাফলঙত আজিও অব্যাহত আছে উদ্ধাৰ কাৰ্য। হোজাই জিলাতো বানত আৱদ্ধ প্ৰায় ২০০০-তকৈও অধিক লোকক নিৰাপদ স্থানলৈ নিয়াৰ বাবে চলিছে সেনাৰ অভিযান। ইফালে ব্ৰহ্মপুত্ৰৰ জলস্তৰ পূৰ্বতকৈ আৰু বৃদ্ধি হ’ব পাৰে বুলি প্ৰশাসনৰ তৰফৰ পৰা জাননী দিয়া হৈছে।
উল্লেখ্য যে বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৰ্ডে দ্বাদশ আৰু দসম শ্ৰেণীৰ পৰীক্ষা পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম উচ্চমাধ্যমিক শিক্ষা পৰিষদৰ পৰীক্ষা নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ পংকজ বৰঠাকুৰে জনোৱা অনুসৰি ২১ মে’লৈকে সকলো পৰীক্ষাই স্থগিত কৰা হৈছে। ইফালে ডিমাহাছাওৰ পৰিস্থিত অত্যন্ত বেয়াৰ দিশলৈ ঢাল খোৱাৰ বাবে তাত পৰীক্ষাসমূহ ১ জুনলৈকে স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে বৰ্ডে।