1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 11:30 am

নিষ্ঠুৰ নিয়তি! সুশান্ত সিং ৰাজপুতৰ ঘৰত আকৌ নামিল অমানিশা…

  • Update Time : Tuesday, November 16, 2021

ডিজিটেল ডেস্কঃ নিষ্ঠুৰ নিয়তিৰ কি খেলা! সুশান্ত সিং ৰাজপুতৰ অকাল বিয়োগৰ এটা বছৰ পাৰ হোৱাৰ পাছতে পুনৰ পৰিয়ালটোৰ ওপৰত যেন আকাশ খহিঁ পৰিল। মঙলবাৰে দিনৰভাগত সংঘটিত হোৱা পৰ্থ দুৰ্ঘটনাত মৃত্যু হয় পৰিয়ালটোৰ ৬গৰাকীকৈ সদস্যৰ।

বিহাৰৰ লখীছৰায় পথত সংঘটিত  ভয়াৱহ পথ দুৰ্ঘটনা। যি দুৰ্ঘটনাত একেটা পৰিয়ালৰে ৬ সদস্যৰ মৃত্যু হৈছে। মৃত্যু হোৱা কেউগৰাকীৰ ভিতৰত ৫ গৰাকী প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ বুলি জানিব পৰা গৈছে। বাকি অন্য় এজন বাহনখনৰ চালক বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি কোনো এক অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠানত অংশ লৈ উভতি আহি আছিল।  ৰাজপথত এক তীব্ৰ বেগী ট্ৰাকে প্ৰচণ্ড জোৰে খুন্দা মাৰে। যাৰ ফলত দুৰ্ঘটনাত পৰা পৰিয়ালটোৰ বাহনখন উফৰি পৰে। এই দুৰ্ঘটনাৰ ফলত ঠাইতে প্ৰাণ হেৰুৱাই ৬ জনকৈ লোকে, লগতে আন ৪ জন গুৰুতৰভাৱে আহত হয়। প্ৰাপ্ত খবৰ অনুসৰি,   প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ ভগ্নীৰ স্বামীৰ পৰিয়ালৰ সদস্য় আটাইকেইজন।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme