1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
June 29, 2024, 9:17 am

একাউণ্ট আছে এইকেইটা বেংকত! তেন্তে এই নিৰ্দেশনা চাবই…

  • Update Time : Friday, May 27, 2022

ডিজিটেল ডেস্কঃ SBI, Axis-বেংকৰ গ্ৰাহকৰ বাবে আছে গুৰুত্বপূৰ্ণ খবৰ৷ এতিয়াৰে পৰা SBI, Axis-বেংকৰ গ্ৰাহকে বহন কৰিব লাগিব অধিক খৰছ৷ মে মাহৰ শেষ হ’বলৈ মাজত কেইটামান দিন৷ সাজু হওক এইকেইটা বেংকেৰে যদি লেনদেন আছে তেন্তে আছে বিশেষ খবৰ৷ জুন মাহৰ পৰাই SBI, Axis-বেংকৰ গ্ৰাহকে মানি চলিব লাগিব এইকেইটা বিশেষ নিৰ্দেশনা৷ কি কি বিশেষ নিৰ্দেশনা এই দুই বেংকৰ!

Home Loan-লোৱাসকললৈ বিশেষ খবৰ

দেশৰ সৰ্ববৃহৎ বেংক State Bank of India-য়ে Home Loan-লোৱাসকলৰ বাবে দিছে নিৰ্দেশনা৷ জুন মাহৰ পৰা হোম লোণ লোৱাসকলৰ বাবে External Benchmark Lending Rate বৃদ্ধিৰ সিদ্ধান্ত লৈছে SBI-য়ে৷ এতিয়াৰে পৰা বেঞ্চমাৰ্ক ৰেট ০.৪০ শতাংশৰ পৰা বৃদ্ধি হৈ হ’বগৈ ৭.০৫ শতাংশ৷ একেলগে RLLR-ও ০.৪০শতাংশৰ পৰা বৃদ্ধি হৈ হ’বগৈ ৬.৬৫ শতাংশ৷ বেংকে প্ৰকাশ কৰা নিৰ্দেশনাত উল্লেখ থকা অনুসৰি ১জুনৰ পৰা কাৰ্যকৰী হ’ব এই নিয়ম৷ এই নিৰ্দেশনা অনুসৰি গৃহ ঋণ লোৱাসকলে ভৰিব লাগিব পূৰ্বতকৈ অধিক সুদ৷

 

বৃদ্ধি হ’ব ইঞ্চুৰেঞ্চৰ প্ৰিমিয়াম

অহা জুন মাহৰ পৰা বাঢ়িব ইঞ্চুৰেঞ্চৰ খৰচ৷ ১০০০ চি চি পৰ্যন্ত শক্তিশালী ইঞ্জিনসমূহৰ ক্ষেত্ৰত ২,০৭২ টকাৰ পৰা ২,০৯৪লৈ বৃদ্ধি হ’ব প্ৰিমিয়াম৷ আনহাতে ১০০০চি চি-ৰ পৰা ১৫০০চিচি-ৰ গাড়ীৰ প্ৰিমিয়াম বাঢ়ি হ’বগৈ ৩৪১৬টকা৷ পূৰ্বতে এই প্ৰিমিয়াম আছিল ৩২২১টকা৷ আৰু ১৫০০চিচি-তকৈ বেছি হ’লে প্ৰিমিয়াম হ’বগৈ ৭৮৯০টকা৷

 

সোণৰ হ’লমাৰ্ক

সকলো সোণৰ অলংকাৰৰো হ’লমাৰ্ক বাধ্যতামূলক কৰা হ’ব ১জুনৰ পৰাই৷ ১জুনৰ পৰা সকলো ৰাজ্যতেই সোণ বিক্ৰিৰ ক্ষেত্ৰত হ’লমাৰ্ক ব্যধতামূলক কৰাৰো নিৰ্দেশনা৷

 

India Post Payment Bank-লৈয়ো নিৰ্দেশনা

জুন মাহৰ পৰা আধাৰ লেনদেনৰ ক্ষেত্ৰত চাৰ্জ কটাৰ সিদ্ধান্ত লোৱা হৈছে৷ ১৫ জুনৰ পিছৰ পৰা কটা হ’ব চাৰ্জ৷ কিন্তু প্ৰথম মাহৰ লেন-দেনৰ ক্ষেত্ৰত তিনিবাৰ ফ্ৰি কৰা হ’ব লেনদেন৷ চতুৰ্থ লেন-দেনৰ পৰা GST-সহ ২০টকাকৈ কটা হ’ব চাৰ্জ৷ মিনি ষ্টেটমেণ্ট চাবৰ বাবেই কাটিব ৫টকা৷

 

Axis Bank-ৰ মিনিমাম বেলেঞ্চৰ সীমা বৃদ্ধি

Axis Bank-বেংকত একাউণ্ট টকা ৰখাৰ পৰিমান বঢ়াব লাগিব৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme