ডিজিটেল ডেস্কঃ সকলোৱে আশাৰে বাট চাই থকা ঢকুৱাখনাৰ মহঘূলি চাপৰিৰ ফাট বিহু কেতিয়া। এই সন্দৰ্ভত দেওবাৰে সকলো জল্পনা-কল্পনাৰ অন্ত পৰে। ফাট বিহুক লৈ ফাট বিহু সমিতিৰ সাধাৰণ পৰিষদৰ এখন ৰাজহুৱা সভাই দেওবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰি এখন উদযাপন সমিতি গঠন কৰি দিয়ে।
অহা ১৩,১৪ আৰু ১৫ মে’ত তিনিদিনীয়াকৈ ২০২২ বর্ষৰ ফাটবিহু মহোৎসৱটো উদযাপন কৰিবলৈ সাধাৰণ সভাই প্ৰাঞ্জল গোঁহাইক সভাপতি , দেৱেন গগৈক সম্পাদক , সঞ্জীৱ গগৈ , পল্লৱীতা বৰুৱা আদিক উপ-সভাপতি , ভবেশ দাস ,গণেশ চমুৱাক আদিক সহকাৰী সাধাৰণ সম্পাদক , আনন্দ দত্তক কোষাধ্যক্ষ হিচাবে লৈ এখন উদযাপন সমিতি গঠন কৰি দিয়ে।
উল্লেখ্য যে, বিগত দুটা বছৰ কৰোনাৰ বাবে অনুষ্ঠিত হোৱা নাছিল ফাট বিহু।