1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 6:37 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

ডিজিটেল ডেস্কঃ

ভাৱি ল’ব নালাগে, পৰীক্ষাত ফেইল কৰিলেই জীৱন শেষ। আচলতে এই বিফলতা জীৱনৰ সফলতাৰ আৰম্ভণিও হ’ব পাৰে। এনে হাজাৰটা উদাহৰণ আছে। কিন্তু এই উদাহৰণবোৰ বাৰে বাৰে আমি পাহৰি যাও নেকি! শেহতীয়াকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰিজাল্ট ঘোষণা হোৱাৰ পাছত দুগৰাকী শিক্ষাৰ্থীৰ আত্মহত্যাৰ ঘটনাই এনে বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে।

জীৱনৰ যিকোনো পৰস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সন্তানক গঢ়ি তোলাৰ দায়িত্ব পিতৃ-মাতৃৰ। পৰীক্ষাৰ ৰিজাল্টেই যে জীৱনৰ সৰ্বস্ব নহয় এই কথা সন্তানৰ মনত পিতৃ-মাতৃয়ে সাঁচ বহুৱাব পাৰিব লাগিব। পৰীক্ষা বা শ্ৰেণীকোঠাৰ সফলতা যে জীৱনৰ সকলো সফলতাৰ মাপ-কাঠি নহয়, এই কথাষাৰৰ প্ৰমাণ হিচাপে এটা কাহিনী আমি উদাহৰণ হিচাপে লব পাৰো।

বিশ্ববিখ্যাত বিজ্ঞানী থমাছ এডিছনৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। শতিকাৰ শ্ৰেষ্ঠ বিজ্ঞানীসকলৰ ভিতৰত সকলোতকৈ আগত নাম লব পাৰি এডিছনৰ। বিভিন্ন আৱিষ্কাৰৰ লগতে বাল্বৰ দৰে মহান আৱিষ্কাৰৰ বাবে সদায়ে সকলোৱে মনত ৰাখিব এডিছনক। কিন্তু শতিকাৰ এই মহান বিজ্ঞানীগৰাকী পঢ়াৰ ক্ষেত্ৰত থকা দুৰ্বলতা বাবেই এদিন বিদ্যালয়ৰ পৰা উলিয়াই দিয়া হৈছিল।

স্কুলত এডিছনৰ শেষৰ দিনটো আছিল এনেধৰণৰ, এদিন থমাছ এডিছন স্কুলৰ পৰা আহোতে শিক্ষকে তেওঁক এখন কাগজ দিলে আৰু কলে যে, এই কাগজখন তুমি ঘৰ পায়েই মাক দিবাগৈ।’ ঘৰ পাই এডিছনে মাকক কাগজখন দি সেইখন স্কুলৰ পৰা দি পঠিওৱাৰ কথা কলে। কণমাণি এডিছনে মাকক সুধিলে সেই কাগজখনত কি লিখা আছে? মাকে তেতিয়া ডাঙৰ ডাঙৰকৈ চিঠিখন পঢ়ি এডিছনক শুনালে। মাকে পঢ়িলে- আপোনাৰ পুত্ৰ অতিকৈ জিনিয়াছ। কিন্তু তাক গঢ়িব পৰাকৈ আমাৰ স্কুলৰ আন্তগাথনিৰ লগতে ভালকৈ পঢ়াবলৈও শিক্ষকৰ অভাৱ। গতিকে তেওঁক আপুনি ঘৰতে পঢ়াব।

Thomas A. Edison

এইদিনটোৰ পাছতে থমাছ এডিছনক মাকে নিজেই পঢ়ালে ঘৰতে। এনেকৈ মাতৃয়ে দিয়া শিক্ষাগ্ৰহণ কৰিয়েই এডিছন এদিন মহান আৱিষ্কাৰক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিছিল। মাতৃৰ মৃত্যুৰ পাছত এদিন পুৰণি নথি-পত্ৰ খুচৰতে এডিছনে পাইছিল স্কুলৰ পৰা মাকৰ বাবে পঠিওৱা সেই বিশেষ চিঠিখন। চিঠিখন পঢ়ি শোকত ভাগি পৰিছিল এডিছন। চিঠিখনত লিখা আছিল- আপোনাৰ সন্তানৰ মগজু অতিকৈ দুৰ্বল। তাক আমি পঢ়াব নোৱাৰো। যাৰবাবে তাক স্কুলৰ পৰা বাহিৰ কৰা হৈছে।

চিঠিখন পঢ়ি উঠিয়েই থমাছ এডিছনে নিজৰ ডায়েৰীত লিখিছিল- Thomas A. Edison এনে এটা লৰা, যাৰ মগজু অতি দুৰ্বল । তাক নিজৰ মাকে পঢ়াই এই শতিকাৰ এজন জিনিয়াছ মানুহ হিচাপে গঢ়ি তুলিলে।

Thomas A. Edison এটা মাত্ৰ উদাহৰণহে। বিশ্বত এনে লাখ লাখ উদাহৰণ আছে। যিসকলে পৰীক্ষাত বিফল হৈছিল যদিও আজি জীৱন যুঁজত সফল হৈছে।

অক্ষয় কুমাৰঃ

বলিউদৰ আগশাৰীৰ ৫ অভিনেতাৰ ভিতৰত সকলোৱে নাম লব অক্ষয় কুমাৰৰ। অভিনয়ৰ সমান্তৰালভাৱে সমাজসেৱাৰ ক্ষেত্ৰতো অক্ষয়ৰ নাম আছে। অলপতে যোৱা বছৰ কোন চেলিব্ৰেটিৰ কিমান আয় হ’ল তাৰ এখন তালিকা উলিয়াইছে Forbes মেগাজিনে ৷ এই তালিকাত বিশ্বৰ ১০০ জন চেলিব্ৰিটিৰ কথা উল্লেখ আছে ৷

ভাৰতৰ অক্ষয় কুমাৰৰ নাম এই তালিকাত অন্তৰ্ভুক্ত হৈছে৷ তালিকাত অক্ষয় কুমাৰৰ স্থান ৫২ নম্বৰত ৷ Forbesৰ মতে অক্ষয় কুমাৰৰ যোৱা বছৰৰ আয় ৪৮.৫ মিলিয়ন ডলাৰ ৷ ১ ডলাৰত যদি ৭৬.৬ টকা ধৰা হয় তেন্তে যোৱা বছৰত তেওঁৰ মুঠ আয় প্ৰায় ৩৬৭ কোটি টকা৷ ইয়াৰে কেইবাকোটি টকা সমাজসেৱাৰ বাবে দান কৰিছে অক্ষয়ে।

এক বিশাল ব্যক্তিত্বৰ গৰাকী অক্ষয় কুমাৰ স্কুলীয়া জীৱনত এটা গুৰুত্বপূৰ্ণ পৰীক্ষাত ফেইল কৰিছিল। মাৰ্কশ্বিট পিতৃ-মাতৃক নেদেখুৱাকৈ বহুদিন লুকুৱাই ৰাখিছিল অক্ষয়ে। এই কথা টুইটাৰত নিজেই প্ৰকাশ কৰিছে অক্ষয় কুমাৰে। এসময়ত স্কুলৰ পৰীক্ষাত ফেইল কৰা লৰাটো এতিয়া অভিনয় জগতৰ ধ্ৰুৱ তৰা। টুইটাৰত এই ঘটনা উল্লেখ কৰি অক্ষয়ে লিখিছে, বিফল হৈছো বহুবাৰ বহুক্ষেত্ৰত, কিন্তু সপোনৰ পিছ এৰা নাছিলো।

সন্দীপ মহেশ্বৰী

ডিজিটেল জগত তথা ইউটিউব, ফেচবুকত বিচৰণ কৰা সকলৰ বাবে সন্দীপ মহেশ্বৰীৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। জীৱনৰ প্ৰকৃত অৰ্থ, হতাশা দূৰ কৰা, জীৱনত সফল হোৱাৰ বাবে সহায়ক হোৱাকৈ কিছু টিপছ প্ৰদান কৰে সন্দীপ মহেশ্বৰীয়ে। প্ৰেৰণাদায়ক বক্তৃত্বা প্ৰদান কৰাৰ বাবে বিভিন্ন দেশত সন্দীপ মহেশ্বৰীক আমন্ত্ৰণ জনোৱা হয়। বৰ্তমানৰ sandeep maheshwariৰ ইউটিউব চেনেলত আছে ১৫.১ মিলিয়ন চাৰ্ছক্ৰাইবাৰ। বিভিন্ন কামৰ জৰিয়তে সন্দীপ মহেশ্বৰীয়ে বছৰৰ উপাৰ্জন কৰে ১.২ মিলিয়ন ডলাৰ।

ডিজিটেল জগতত অতিকৈ সফল সন্দীপ মহেশ্বৰীয়েও কলেজীয়া জীৱন আধাতে সাং কৰিব লগা হৈছিল। শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভ কৰিব নোৱাৰিলেও একাগ্ৰতাৰে নিজে ভাল পোৱা কামত আগবাঢ়িল মহেশ্বৰী। প্ৰথম পৰ্যায়ত তেওঁ আৰম্ভ কৰিছিল ফটোশ্বুট। বৰ্তমান মহেশ্বৰীৰ এটা ফটো কোম্পেনীৰ স্বতাধিকাৰী। কোৱা হয় যে, এই কোম্পানীতো ভাৰতৰ ভিতৰত সৰ্বাধিক ফটো সংগ্ৰহ কৰি ৰখা এটা অন্যতম কোম্পানী।

কৈলাশ কাটকা

কৈলাশ কাটকাৰ নামটো হয়তো আপুনি প্ৰথম শুনিছে! কম্পিউটাৰৰ সৈতে ওতঃপোতভাৱে জড়িত থকাসকলৰ বাবে অৱশ্যে এই নামটো নতুন নহয়। এন্টী-ভাইৰাছ quick healৰ স্বতাধিকাৰী কৈলাশ কাটকা। বছৰি প্ৰায় ২০০কোটি টকাৰ ব্যৱসায় কৰা quick heal এতিয়া প্ৰায় সকলো কম্পিউটাৰ ইঞ্জিনিয়াৰৰ বাবে প্ৰথম পছন্দ।

এগৰাকী সফল ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰা কৈলাশ কাটকাৰ জীৱনো অতিকৈ সংঘৰ্ষময়। পৰিয়ালৰ অসুবিধাৰ বাবে পঢ়াৰ ক্ষেত্ৰত বিশেষ আগবাঢ়িব নোৱাৰি দশম মান শ্ৰেণীতে আনুষ্ঠানিক শিক্ষা বাদ দিব লগা হৈছিল কাটকাই। ইয়াৰ পাছতে চাকৰি বিচাৰি বহুদিন ঘুৰাৰ পাছত এখন সৰু ৰেডিঅ আৰু কেলকুলেটৰ মেৰামতি কৰা দোকানত কৰ্মচাৰী হিচাপে কাম পালে।

সেয়াই আছিল আৰম্ভণি। কাম কৰা দোকানত ৰেডিঅ মেৰামতিৰ লগতে ইলেক্টনিক সকলো কাম শিকিলে কৈলাশ কাটকাই। কাম কৰাৰ সমান্তৰালভাৱে কম্পিউটাৰ মেৰামতি কৰাৰ প্ৰশিক্ষণো ল’লে কাটকাই। এনেকৈ কেইবাবছৰো কাম কৰাৰ পাছত কাটকাই নিজেই এখন কম্পিউটাৰ মেৰামতি কৰা দোকান আৰম্ভ কৰিলে। সেই দোকানখনৰ পৰাই কাটকা আজি কোটি টকাৰ মালিক। এটা কম্পিউটাৰ সুচলভাৱে চলিবলৈ সহায়ক হোৱা এন্টী-ভাইৰাছ quick healৰ দৰে জনপ্ৰিয় বেণ্ডৰ স্বতাধিকাৰী কৈলাশ কাটকা।

প্ৰেম গণপতিঃ

হোটেল তথা ৰেষ্টুৰেন্ট ব্যৱসায়ৰ ক্ষেত্ৰত দেশৰ ভিতৰতে নাম আছে প্ৰেম গণপতি। দশম মান শ্ৰেণীতে আনুষ্ঠানিক শিক্ষাৰ পৰা বিদায় লোৱা তামিলনাডুৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান প্ৰেম গণপতিৰ উত্থানৰ কাহিনী চিনেমাৰ দৰেই। প্ৰেম গণপতিৰ পৰিয়ালত আছিল ৭টা সন্তান, আৰ্থিক সমস্যাৰ বাবে কাম বিচাৰি মুম্বাইলৈ আহি এটা সৰু বেকাৰী প্ৰতিষ্ঠানত কাম পালে গণপতিয়ে।

ইয়াৰ দুবছৰৰ পাছত নিজেই এখন হোটেল আৰম্ভ কৰিলে প্ৰেম গণপতিয়ে। দক্ষিণৰ থলুৱা খাদ্যৰ ওপৰত অধিক গুৰুত্ব দি প্ৰেম গণপতিয়ে আৰম্ভ কৰা হোটেল এতিয়া বিশ্ব কেইবাখনো আছে। নিউজিলেণ্ড, ওমান লগতে ডুবাইত প্ৰেম গণপতিৰ আছে কেইবাখনো ডাঙৰ ডাঙৰ হোটেল।

বীৰ দাসঃ

বলিউদৰ এখন জনপ্ৰিয় মুখ বীৰাদাস। বহুকেইখন ছবিৰ লগতে ৱেব চিৰিজত অভিনয় পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা বীৰদাস ছাত্ৰ অৱস্থাত বৰ্ডৰ সকলো পৰীক্ষাত অতি কম নম্বৰ পাইছিল। মাৰ্কশ্বিট সেইসময়ত আনক দেখাবলৈ লাজ পোৱা বীৰদাস এতিয়া এগৰাকী সফল অভিনেতা।

কমেডি অভিনেতা হিচাপে সকলোৱে আদৰি লোৱা বীৰদাসে এতিয়াও কয় যে, তেওঁৰ পঢ়া-শুনা আছিল অতি বেয়া। কিন্তু তেওঁ সদায়ে এই কথালৈ লক্ষ্য কৰিছিল যে, তেওঁৰ কৰিব পৰা কি কাম আছে, যিকাম আনে কৰিব নোৱাৰে। এনেকৈয়ে আজি মায়ানগৰীৰ মুম্বাইৰ এটা চিনাকী নাম হৈ পৰিছে বীৰদাস।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme