অসমৰ হাবিত পোৱা কেইটামান সাপহে বিষধৰ।বিষধৰ সাপৰ দুটা বিহদন্ত থাকে।সেই বুলি বিষধৰ সাপে দংশন কৰিলে কেৱল মাথোঁ দুটা দাঁতৰ চিন ক্ষত চিহ্নত দৃষ্টিগোচৰ নহ’বও পাৰে,কিয়নো সাপৰ মুখত অকল বিহদন্ত দুটাই নাথাকে অন্য দাঁতো থাকে।ফেঁটী-শংখচূড়ৰ বিহদাঁত হনুৰ সৈতে দৃঢ়ভাবে সংলগ্ন হৈ থাকে,আনহাতে ভাইপাৰে ইহঁতবোৰৰ বেঁকা বিহদাঁত দুটা মুখৰ ভিতৰত কোঁচ খুৱাই সুমুৱাই থয় আৰু আক্ৰমণৰ সময়ত দাঁত দুটা আগলৈ ওলাই আহে।
আমাৰ কিছুমান সাধাৰণ ভুলৰ বাবেই কেতিয়াবা আমি সৰ্প দংশনৰ চিকাৰ হওঁ। বহুলোকে ঢাৰি/পাটি এখন পাৰি বিচনা তঁৰি মাটিত শুৱে।খাদ্যবস্তুৰ পাছে পাছে আহি কেতিয়াবা সাপ ঘৰৰ ভিতৰত প্ৰৱেশ কৰে।অকল পাটীখন মজিয়াত পাৰি শুৱাৰ বাবে আপুনি ব্যৱহাৰ কৰা আঁঠুৱাখন ভালকৈ গুজি ল’ব পৰা নাছিল,সাপে খেদি অনা জীৱটো(বেং-ডালশলীয়া)আপুনি শুই থকা বিচনাখনৰ কাষতে নোহোৱা হ’ল।মজিয়াৰ পৰা উন্মুক্ত হৈ থকা আঁঠুৱাখনৰ ফাঁকেৰে খাদ্য বস্তুটোৰ সন্ধানত সাপটো আপোনাৰ বিচনালৈ উঠি গ’ল।তেনেপৰতেই আপুনি বিচনাতে বাগৰ সলালে,আপোনাৰ দেহৰ ভৰ বিচনাত উঠি থকা ক’লা শংখচূড়টোৰ গাত পৰিল,সি আক্ৰান্ত হ’ল আৰু আপোনাক দংশন কৰিলে।
#মাটিত_বিচনা পাৰি শুৱক,মাথোঁ আঁঠুৱাখন ভালকৈ গুজি ল’ব পৰা পৰাকৈ ব্যৱস্থা কৰি লওক।
আপুনি ৰাস্তা এটাইদি খোজ কাঢ়ি গৈ আছিলে,আপোনাৰ সন্মুখতে সাপ এটাই ৰ’দ পুৰাই পৰি আছিল।সাপটো দেখাৰ লগে লগে নিঃসন্দেহে আপোনাৰ মুখৰ পৰা আতংকত শব্দ বাহিৰ হ’ব পাৰে,সেয়া চিন্তনীয় বিষয় নহয়।কিয়নো আপোনাৰ মুখৰ শব্দ সাপে শুনা নাপায়,বায়ুমণ্ডলৰ শব্দতৰংগ গ্ৰহণ কৰিব পৰা ক্ষমতা সাপৰ নাথাকে,সাপৰ বহিকৰ্ণ নাই।বিপদজনক কথাটো হ’ল আপোনাৰ তাৎক্ষণিক প্ৰতিক্ৰীয়া,এই ধৰক আপুনি সাপটো দেখি পিছুৱাই অহাৰ সলনি জঁপিয়াবলৈ আৰম্ভ কৰিলে।সাপ বা অন্যজীৱই কেতিয়াও উপলব্ধি কৰিব নোৱাৰে যে তেনে আচৰণ আপুনি ভয়তহে কৰিছে।তেনে প্ৰতিক্ৰীয়াৰ বাবেহে কেতিয়াবা ফেঁটী সাপে মানুহলৈ চোঁচা লয়,সেয়া মাথোঁ বন্যজীৱৰ আত্মৰক্ষাৰ তাড়নাহে।কিছুমানে আকৌ সাপটো খেদিবলৈ চপৰা দলিয়ায়।এইক্ষেত্ৰত যদি ফেঁটী সাপ আক্ৰান্ত হয় তেন্তে আপোনাক খেদি আহিও দংশন কৰিব পাৰে।
#সাপ_দেখাৰ লগে লগে পিছুৱাই আহক,যদি অহা-যোৱা কৰা বাটত থাকে গুচি নোযোৱালৈকে অপেক্ষা কৰক।মানুহৰ উমান পালে সি নিজে আঁতৰি যাব।
বহুলোকে ভাবে সাপ ধৰাতো ল’ৰা-ধেমালিৰ খেলা।বহুতে এটা ভ্ৰান্ত ধাৰণা মনতে পুহি ৰাখে যে সাপটোৰ নেজৰ ফালে ধৰি ষ্টীক এডালত মূৰৰ অংশটো উঠাই দিলেই সাপ এটাক নিয়ন্ত্ৰণ কৰিব পাৰি।আপুনি জানিলে আচৰিত হ’ব বিশ্বৰ বহু বিখ্যাত সৰ্পবিদ সাপ ধৰিবলৈ যাওঁতে বিষাক্ত দংশনৰ চিকাৰ হৈ মৃত্যুমুখত পৰিছে।সাপ ধৰাটো একপ্ৰকাৰৰ কলা।বহু সাধনা-অভিজ্ঞতাৰ মূৰকতহে এজন ব্যক্তিয়ে এটা সাপক নিয়ন্ত্ৰণ কৰিব পাৰে।সাপ ধৰা ব্যক্তিজন ইমান বেছি কৌশলগত ভাবে পাকৈত হ’ব লাগে যে বিষাক্ত দংশনৰ পৰা মাথোঁ এটা ছেকেণ্ড তেওঁ আৰু বিষাক্ত সাপটোৰ মাজত ব্যৱধান থাকে।বহুতে দেখি-শুনি সাপ ধৰিবলৈ চেষ্টা কৰে।এনে কাৰ্য বহুক্ষেত্ৰত ভয়ংকৰ দূৰ্ঘটনাৰ কাৰক হৈ আহিছে।প্ৰশিক্ষিত ব্যক্তিয়েহে সাপক নিয়ন্ত্ৰণ কৰিব পাৰে।
কেতিয়াবা কিছুমান মানুহৰ ঘৰত চকু থৰ হৈ ৰয়।ভাল ফুল ফুলে বুলিয়েই লতাজাতীয় ফুলৰে ঘৰখন হাবিসদৃশ কৰি ৰাখে।ফুলবোৰ যাতে অত্যাধিক ডাঠ হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব।ফুলৰ টাববোৰৰ মাজত ব্যৱধান ৰাখিব।জাবৰ-জোঁথৰৰ দ’ম ঘৰৰ কাষতে নোগোটাব।উল্লিখিত সকলোতে এন্দুৰ-নিগনীৰ বাস কৰিব পাৰে যাৰ সন্ধানত সাপ আহিব পাৰে।
ৰাতি একমিনিটৰ বাট হ’লেও পোহৰ নোহোৱাকৈ নাযাব।সন্ধিয়া কাৱৈলাঙী-পুঠিলাঙী জাল পাতিবলৈ নাযাব,অসমৰ প্ৰধান বিষাক্ত সাপকেইটা সন্ধিয়া পৰত বেছি সক্ৰিয়।আনকি দিনত পাতি থোৱা জালো ৰাতি চাবলৈ নাযাব।এঁৰাবাৰী বা পৰিত্যক্ত ঘৰলৈ যাওঁতে খুউব সাবধানে যাব,মানুহ নথকাৰ সুযোগতে তেনে ঠাইত সাপে বাঁহ সাজে।