1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 2:51 pm

পৰীক্ষাত ফেইল কৰিলেই সকলো শেষ নহয়ঃ দশম আৰু দ্বাদশ শ্ৰেণীত ফেইল কৰিও কেনেকৈ আই এ এছ অফিচাৰ হৈছিল অঞ্জু…

  • Update Time : Saturday, May 28, 2022

ডিজিটেল ডেস্কঃ জীৱনত জিকিবলৈও হাৰিব জানিব লাগিব। নতুবা জিকাৰ প্ৰকৃত মাদকতা এগৰাকী ব্যক্তিয়ে অনুভৱ কৰিব নোৱাৰে। আজি আমি যিসকল মহান ব্যক্তিৰ বিষয়ে জানো, তেওঁলোকৰ বিষয়ে কেতিয়াবা পঢ়িবচোন, দেখিব তেওঁলোকৰ জীৱন পৰিক্ৰমা ইমান সৰল নহয়। হাৰি হাৰি জীৱন জিনিবলৈ শিকা এগৰাকী নাৰীৰ বিষয়ে আজি আমি কব বিচাৰিছো।

তেওঁৰ নাম অঞ্জু শৰ্মা। বৰ্তমান এগৰাকী সফল আই এ এছ বিষয়া। কিন্তু আপুনি জানি আচৰিত হব দ্বাদশ শ্ৰেণীত এইগৰাকী বৰ্তমানৰ সফল প্ৰশাসনিক বিষয়া ফেইল কৰিছিল। কেৱল দ্বাদশ শ্ৰেণীতেই নহয় দশম শ্ৰেণীতো কেমেষ্ট্ৰীত ফেইল কৰিছিল তেওঁ। দ্বাদশ শ্ৰেণীত অৰ্থনীতি বিজ্ঞান বিভাগতো ফেইল কৰিছিল অঞ্জুয়ে।

ফেইল কৰাৰ পাছতো নিজৰ ওপৰত থকা বিশ্বাস কেতিয়াও হেৰুওৱা নাছিল অঞ্জু শৰ্মাই। প্ৰৱল আত্মবিশ্বাসী অঞ্জুৰ মতে, কোনো ক্ষেত্ৰত লাভ কৰা অসফলতাই আচলতে তেওঁক আহিবলগা সফলতাৰ বিষয়েহে সোৱৰাই দিয়ে। ফেইল কৰিলেও অঞ্জুয়ে পিছৰ পৰ্যায়ত এনেদৰে পঢ়া-শুনা কৰিলে যে, প্ৰথমটো প্ৰয়াসতে তেওঁ ইউ পি এছ চিৰ পৰীক্ষা পাছত কৰে। আই এ এছ টপাৰৰ তালিকাতো স্থান লাভ কৰিবলৈ সক্ষম হৈছিল অঞ্জু শৰ্মাই।

বহুকেইখন জিলাৰ প্ৰশাসনক নেতৃত্ব দিয়া অঞ্জু শৰ্মাই ১৯৯১চনৰ পৰা আজি পৰ্যন্ত কেইবাখনো জিলাক নেতৃ্ত্ব দি আহিছে। তেওঁৰ মতে সফলতাৰ কোনো সংজ্ঞা নাই। সকলো বাধাৰ প্ৰাচীৰ নেওঁচি যদি কোনো লোক সাহসেৰে আগুৱাই গৈছে, তেওঁৰ মতে সেয়াই সফলতা। নিশ্চিতভাৱে হাজাৰ গৰাকী শিক্ষাৰ্থীৰ বাবে অঞ্জু শৰ্মাৰ হব পাৰে প্ৰেৰণা প্ৰতীক।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme