1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 4:56 pm

কাৰোবাৰ গাত ভগৱান, কোনোবাই দিলে গালিঃ ভেকচিনৰ নামত চলা সেই নাটক আৰু দেখিবলৈ নাপায়…

  • Update Time : Monday, December 6, 2021

ডিজিটেল ডেস্কঃ মাত্ৰ ৭দিন। এই ৭দিনত ৰাজ্যবাসীয়ে কিমান যে কি নাটক দেখিলে তাৰ সীমা-সংখ্যা নাই। ভেকচিন নলওঁ বুলি কোনোবা যদি পথাৰলৈ দৌৰিছে, কোনোবা আকৌ বিচনা তলত সোমাইছে। কোনেবাই দম দিছে, কোনোবাই গুলীয়াই দিয়ক তথাপিও বেজি নলওঁ বুলি কৈছে। মুঠৰ ওপৰত নাটকৰ শেষ নাই। ভয়-শংকাৰ দোমোজাত কিছুমানৰ গাত ভগৱানো লম্ভিল। কিন্তু সেই নাটকৰ যৱণিকা পৰিল। ৰাজ্যবাসীক খুবেই আমোদ দিয়া তেনে কাণ্ডৰ ভিডিঅ আৰু দেখিবলৈ নাপায়।

আচলতে এই নাটক আৰম্ভ হৈছিল যোৱা ২৯নৱেম্বৰৰ পৰা। সেই দিনটোৰ পৰাই ৭দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছিল ‘হৰ ঘৰ দস্তক’ অভিযান। কৰোনা ভাইৰাছক সম্পূৰ্ণ ৰূপে প্ৰতিহত কৰিবলৈ আৰম্ভ হৈছিল এই ‘হৰ ঘৰ দস্তক’ অভিযান। ভেকচিন লবলৈ এতিয়াও যিসকল লোক বাকী আছে, সেইসকলৰ ভেকচিন প্ৰদান সুনিশ্চিত কৰিবলৈ এই অভিযান আৰম্ভ কৰিছিল প্ৰশাসনে।

এই ব্যৱস্থাত স্বাস্থ্য বিভাগৰ লগতে অন্যান্য বিভাগৰ প্ৰায় এক লাখতকৈ অধিক চৰকাৰী কৰ্মচাৰী নিয়োজিত কৰা হৈছিল। তেওঁলোকে ৰাজ্যখনৰ ২৮,০০০ৰ অধিক ভোটকেন্দ্ৰৰ অধীনত ঘৰে ঘৰে জৰীপ কৰি প্ৰতিষেধকৰ প্ৰমাণীকৰণ কৰাৰ লগতে যোগ্য ব্যক্তিক ঠাইতে প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰিছিল। এনে ব্যৱস্থা আৰম্ভ হোৱাৰ পিছতে আৰম্ভ হৈছিল এই নাটকবোৰ। কিন্তু শেহতীয়াকৈ এই অভিযানৰ সমাপ্তি ঘটিছে। অৱশ্যে একাংশই শেষৰ দিনাও ভেকচিন ল’বলৈ অনীহা প্ৰকাশ কৰা দেখা গ’ল।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme