1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
June 29, 2024, 9:13 am

টুইটাৰৰ পিছত ইউটিউব ক্ৰয় কৰিব এলন মাস্কে!

  • Update Time : Thursday, June 9, 2022

ডিজিটেল ডেস্কঃ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত স্থান লাভ কৰা এলন মাস্কে কিছুদিন পূৰ্বে ক্ৰয় কৰিছে টুইটাৰ। টুইটাৰ ক্ৰয়ৰ পিছতেই এইবাৰ ইউটিউব ক্ৰয় কৰিবলৈ মন মেলিছে নেকি এলন মাস্কে। এই বিষয়টোৱে চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত। সামাজিক মাধ্যমত প্ৰায়
প্ৰতিসময়তে সক্ৰিয় মাস্কে এইবাৰ ইউটিউব ক্ৰয়ৰ মন মেলিছে। টুইটযোগে ইউটিউবলৈ আঙুলি টোৱাইছে মাস্কে। টুইটত মাস্কে লিখিছে, ‘ইউটিউবত কিবা এটা চাবলৈ খোজোতেই কাটিব নোৱাৰাকৈ বিজ্ঞাপন আহে। এই বিজ্ঞাপন চাবলৈ সকলোকে বাধ্য কৰোৱাটো এক কেলেংকাৰীয়ে।’ মাস্কৰ এই টুইটৰ পিছতেই
একাংশ নেটিজেনে প্ৰশ্ন কৰিছে এইবাৰ মাস্কে চকু দিছে ইউটিউবত। টুইটাৰৰ পিছতেই মাস্কে ক্ৰয় কৰিব বিচাৰিছে ইউটিউব।

মাস্কৰ এই টুইটৰ জৱাব দিছে গুগলে। গুগলে দিয়া বিবৃত্তিত কোৱা অনুসৰি ইউটিউবত কোনো কেলেংকাৰী চলা নাই। বিজ্ঞাপন কেলেংকাৰী নহয়, বিজ্ঞাপনৰ মাধ্যমেৰে ইউটিউবৰ কিছু সুবিধাহে হৈছে। এলন মাস্কে টুইটাৰ ক্ৰয় কৰাৰ আগতে। টুইটাৰকলৈও আনিছিল অভিযোগ। টুইটাৰৰ মডাৰেশ্বন পলিচি ভুল। টুইটাৰত একাধিক ফেক একাউণ্ট থকাৰ কথাও উল্লেখ কৰিছিল মাস্কে। আৰু তাৰ কিছুদিন পিছতেই মাস্কে ক্ৰয় কৰিছিল টুইটাৰ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme