ডিজিটেল ডেস্কঃ আঁতৰৰ পৰা সহজ যেন লাগিলেও একনাথ সিন্দেৰ ৰাজনৈতিক যাত্ৰা আছিল অতি সংঘাতপূৰ্ণ। দৰিদ্ৰতাৰ সৈতে যুঁজি ৰাজনৈতিক পথাৰখনলৈ ওলাই অহা সিন্দে এটা সময়ত অটো ৰিক্সা চালক হিচাপে কাম কৰাৰ উপৰিও পৰিয়াল চলাবৰ বাবে এটা সুৰাৰ ফেক্টৰীটো কাম কৰিছিল।
একনাথ চিন্দেৰ জন্ম হৈছিল ১৯৬৪ চনৰ ৯ ফেব্ৰুৱাৰীত মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত । তেওঁৰ দেউতাকৰ নাম সম্ভাজী নৱলু চিন্দে আৰু তেওঁৰ মাতৃৰ নাম গঙ্গুবাই চিন্দে। একনাথ শিন্দেৰ পত্নীৰ নাম লতা চিন্দে। তেওঁলোকৰ শ্ৰীকান্ত চিন্দে নামৰ এজন পুত্ৰ আছে।
শিৱসেনাত যোগদান কৰাৰৰ আঁৰত একনাথ সিন্দেৰ এটা কাহিনী আছে। ১৯৮০চনত এখন সভাত বালাচাহেবৰ ভাষণৰ প্ৰতি আকৃষ্ট হৈ দলটোত যোগদান কৰিছিল তেওঁ। সেই সময়ত কট্টৰ হিন্দুত্ববাদৰ হৈ মাত মতা একমাত্ৰ ৰাজনৈতিক দলটোৱে আছিল শিৱসেনা।
২০০৪চনত সিন্দে প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। জানি থোৱা ভাল যে, সিন্দেই প্ৰাথমিক শিক্ষা সমাপ্ত কৰি হাইস্কুলত নামভৰ্তি কৰিছিল যদিও আধাতে পঢ়া এৰিছিল। পৰিয়ালৰ আৰ্থিক সংকটৰ বাবে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু ২০১৪ চনত শিৱসেনা আৰু বিজেপিৰ চৰকাৰ গঠন হোৱাৰ পাছত তেওঁ পুনৰ অধ্যয়ন সম্পূৰ্ণ কৰে।তেওঁ মাৰাঠী আৰু ৰাজনীতি বিভাগত গ্ৰেজুৱেট ডিগ্ৰী লাভ কৰে।