ডিজিটেল ডেস্কঃ আজি পৱিত্ৰ ঈদ উল জুহা। ইছলাম ধৰ্মালম্বী সকলৰ সকলোতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ দুটাৰ ভিতৰত অন্যতম। এই উৎসৱৰ আন দুটা নাম হ’ল বকৰ-ঈদ আৰু কোৰবাণী ঈদ। ঈদ-উল-জুহা মূলত আৰৱী বাক্যাংশ। ইয়াৰ অৰ্থ হ’ল ত্যাগৰ উৎসৱ। এই উৎসৱৰ মূল প্ৰতিপাদ্য বিষয় হৈছে ত্যাগ কৰা। এই দিনটোত মুছলিম সকলে তেওঁলোকৰ সাধ্য মতে ধৰ্মীয় নিয়মানুযায়ী উট, গৰু, দুম্বা বা ছাগলী কোৰবাণী দিয়ে বা জবেহ কৰে।
কিয় দিয়া হয় কোৰবাণীঃ
কোৰবাণীৰ ইতিহাস খুবেই প্ৰাচীন। ইছলামিক ইতিহাস অধ্যয়ন কৰিলে গম পোৱা যায় যে সেই আদি পিতা আদম (আলাইহিছ ছালাম)ৰ যুগৰ পৰাই কুৰবাণীৰ বিধান চলি আহিছে। আদম (আলাইহিছ ছালাম)ৰ দুই ল’ৰা হাবীল আৰু কাবীলৰ কুৰবাণী উপস্থাপন কৰাৰ কথা আমি ইছলামৰ মহাগ্ৰন্থ আল-কুৰআনৰ পৰা জানিব পাৰোঁ। ইছলামৰ বিভিন্ন বৰ্ননা অনুযায়ী, আল্লাহ ইছলামৰ নবী হজৰত ইব্ৰাহীম(আঃ)ক সপোনত তেওঁৰ আটাইতকৈ প্ৰিয় বস্তু কোৰবাণী কৰাৰ নিৰ্দেশ দিয়ে। এই আদেশ অনুযায়ী হজৰত ইব্ৰাহীম(আঃ)ৰ আটাইতকৈ প্ৰিয় পু্ত্ৰ ইছমাইলক কোৰবাণ কৰাৰ বাবে ইংগিত কৰা হৈছিল। পাছত তেওঁ আল্লাহৰ আদেশ পালন কৰিবলৈ প্ৰস্তুত হোৱাত আল্লাহে তেওঁক তেনে কৰিবলৈ বাধা দিয়ে আৰু পুত্ৰৰ পৰিৱৰ্তে পশু কুৰবাণীৰ নিৰ্দেশ দিয়ে। এই ঘটনাক স্মৰণ কৰি গোটেই বিশ্বৰ ইছলাম ধৰ্মালম্বী লোক সকলে প্ৰতি বছৰে এই দিৱস পালন কৰে। হিজৰী বৰ্ষপঞ্জী হিচাপে জিলহজ্জ্ব মাহৰ ১০ তাৰিখৰ পৰা আৰম্ভ কৰি ১২ তাৰিখলৈ ৩ দিন ধৰি ঈদ-উল-জুহা পালন কৰা হয়। হিজৰী চন্দ্ৰ বছৰৰ গণনা অনুযায়ী ঈদ-উল-ফিতৰ আৰু ঈদ-উল-জুহা মাজত ২ মাহ ১০ দিনৰ ব্যৱধান থাকে। দিনৰ হিচাপত সৰ্বোচ্চ ৭০ দিন হ’ব পাৰে।
ইছলামৰ মতে যাৰ জাকাত দিয়াৰ সামৰ্থ আছে তেওঁক ঈদ-উল-জুহা উপলক্ষে পশু কোৰবাণী দিয়াৰ নিৰ্দেশ দিয়া হৈছে। ঈদ-উল-জুহাৰ দিনৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী দুদিন পশু কোৰবাণীৰ বাবে নিৰ্ধাৰিত। ভাৰতৰ মুছলিম সকলে সাধাৰণতে গৰু, খাহি, ছাগলী কোৰবাণী দিয়ে। এজন ব্যক্তিয়ে এটা গৰু বা এটা ছাগলী কোৰবাণী দিব পাৰে। তদুপৰি গৰুৰ ক্ষেত্ৰত কেইবাজনো ব্যক্তি মিলি কোৰবাণী দিয়াও দেখা যায়। কোৰবাণীৰ মাংস তিনি ভাগে ভাগ কৰি ১ ভাগ দুখীয়া-নিছলাৰ মাজত আৰু ১ ভাগ আত্মীয় স্বজনৰ মাজত বিতৰণ কৰাৰ পিছত তৃতীয় ১ ভাগ নিজৰ বাবে ৰখা হয়। কোৰবাণী পশুৰ চামৰা বিক্ৰীৰ বাবে দান কৰাৰ নিৰ্দেশ আছে। মোছাফিৰ বা যাত্ৰী ওপৰত কোৰবাণী দিয়া বাধ্যতামূলক নহয়।
ঈদ-উল-জুহাৰ নামাজৰ আগত কোৰবাণী দিয়া উচিত নহয়। সাধাৰণতে গৰু আৰু মহৰ ক্ষেত্ৰত ১ ৰ পৰা ৭ জন পৰ্যন্ত অংশীদাৰ হৈ কোৰবাণী কৰা যায়। কোৰবাণীৰ ছাগলীৰ বয়স কমপক্ষে ১ বছৰ হোৱা উচিত। গৰু আৰু মহৰ বয়স কমপক্ষে ২ বছৰ হোৱা উচিত। নিজ হাতে কোৰবাণী দিয়া ভাল। কোৰবাণী প্ৰাণী দক্ষিণ দিশত ৰাখি কিবলামুখী কৰি, ধাৰ থকা অস্ত্ৰৰে ‘বিস্মিল্লাহি আল্লাহু আকবৰ’ কৈ জবাই কৰা হয়।
কোৰবাণী শুদ্ধ হোৱাৰ চৰ্তঃ
পশু কোৰবাণী দিয়াৰ কিছু চৰ্ত ইছলামিক কিতাপবোৰৰ পৰা উল্লেখ কৰা হ’ল-
(১) কুৰবাণীৰ পশু যাতে শ্বৰীয়ত নিৰ্ধাৰিত শ্ৰেণী আৰু বয়সৰ অন্তৰ্ভুক্ত হয়। নিৰ্ধাৰিত শ্ৰেণীৰ পশু চাৰি প্ৰকাৰ- উট, গৰু, ভেড়া আৰু দুম্বা বা ছাগলী। অধিকাংশ উলামাৰ মতে সকলোতকৈ উৎকৃষ্ট কুৰবাণী হ’ল উট, ইয়াৰ পিছত গৰু, তাৰ পিছত ভেড়া আৰু তাৰ পিছত ছাগলী। আকৌ মতা ভেড়া মাইকী ভেড়াতকৈ উত্তম। যিহেতু এই প্ৰসঙ্গত দলিল বৰ্ণিত হৈছে। এটি উট অথবা এটি গৰুত সাতজন ব্যক্তি কুৰবাণীৰ কাৰণে শ্বৰীক হ’ব পাৰে।
অন্য এক বৰ্ণনামতে উট কুৰবাণীত দহজন ব্যক্তি শ্বৰীক হ’ব পাৰে। ইমাম শাওকানী (ৰহঃ)য়ে কৈছে, হজ্জৰ কুৰবাণীত দহ আৰু সাধাৰণ কুৰবাণীত সাত ব্যক্তি শ্বৰীক হোৱাটোৱেই সঠিক। কিন্তু ভেড়া বা ছাগলীত ভাগাভাগি বৈধ নহয়। কিন্তু তাৰ ছওৱাবত একাধিক ব্যক্তিক শ্বৰীক কৰিব পাৰি। গতিকে এটি পৰিয়ালৰ তৰফৰ পৰা মাত্ৰ এটি ভেড়া বা ছাগলীয়েই যথেষ্ট হ’ব। তাত সেই পৰিয়ালৰ সদস্য-সংখ্যা যিমানেই নহওক কিয়। কিন্তু উট বা গৰুৰ এক সপ্তমাংশ এটি পৰিয়ালৰ তৰফৰ পৰা যথেষ্ট হ’বনে? এই সম্পৰ্কে উলামাসকলৰ মাজত মতভেদ আছে। কিছুমানৰ মতে, যথেষ্ট নহয়। কাৰণ, তাতে ৭ জনৰ অধিক ব্যক্তি শ্বৰীক হোৱা বৈধ নহয়। তদুপৰি পৰিয়ালৰ তৰফৰ পৰা এটি পূৰ্ণ ‘দম’ (জান) যথেষ্ট হ’ব। আনহাতে ৭ ভাগৰ ১ ভাগ পূৰ্ণ দম নহয়।
বহুতৰ মতে এটি ভেড়া বা ছাগলীৰ দৰেই এক সপ্তমাংশ উট বা গৰু যথেষ্ট হ’ব। উল্লেখ্য, এটি পৰিয়ালৰ তৰফৰ পৰা এক বা দুই ভাগ গৰু কুৰবাণী দিয়াতকৈ এটি ছাগলী বা ভেড়া দিয়াটোৱেই অধিক উত্তম। কুৰবাণীৰ সৈতে এটি ভাগ আকিকাৰ উদ্দেশ্যে দিয়া যথেষ্ট নহয়। যেনেকৈ যথেষ্ট নহয় এটি পশু কুৰবাণী আৰু আকিকা নিয়তত যবেহ কৰা। কুৰবাণী আৰু আকিকাৰ কাৰণে পৃথক পৃথক পশু হ’ব লাগিব। অৱশ্যে যদি কোনো শিশুৰ আকিকাৰ দিনা কুৰবাণীৰ দিন পৰে আৰু আকিকা যবেহ কৰে, তেনেহ’লে আকৌ কুৰবাণী নিদিলেও হয়। যেনে, দুটি গোছলৰ কাৰণ উপস্থিত হ’লে এটি গোছল কৰিলেই যথেষ্ট, জুমআৰ দিনা ঈদৰ নামায পৰিলে আকৌ জুমআহ নপঢ়িলেও হয়, বিদায়ৰ সময়ত হজ্জৰ তওৱাফ কৰিলে আকৌ বিদায়ী তওৱাফ নকৰিলেও হয়, যোহৰৰ সময়ত মছজিদত প্ৰৱেশ কৰি যোহৰৰ ছুন্নাত পঢ়িলে পৃথক কৰি আকৌ তাহিয়্যাতুল মছজিদ নপঢ়িলেও হয় আৰু তামাত্তু হজ্জৰ কুৰবাণী দিলে আকৌ পৃথকভাৱে কুৰবাণী নিদিলেও হয়।
বয়সৰ ফালৰ পৰা উটৰ পাঁচ বছৰ, গৰুৰ দুই বছৰ আৰু ভেড়া ও ছাগলীৰ এক বছৰ হোৱা জৰুৰী। অৱশ্যে অসুবিধা বশতঃ ছয় মহীয়া ভেড়া কুৰবাণী কৰিব পাৰি। প্ৰিয় নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, ‘‘দাঁত নোলোৱালৈকে যবেহ নকৰিবা। কিন্তু সেইটো দুৰ্লভ হ’লে ছয় মাহৰ ভেড়া যবেহ কৰা। ’’
কিন্তু উলামাসকল এই বিষয়ে একমত যে, ছয় মাহ বয়সীয়া ভেড়াৰ কুৰবাণী সিদ্ধ হ’ব; তদুপৰি অন্য পশু পোৱা যাওক অথবা নাযাওক। অধিকাংশ উলামাই সেই হাদীছৰ আদেশক ‘ইস্তিহবাব’ (উত্তম) বুলি গ্ৰহণ কৰিছে আৰু কৈছে যে, সেই হাদীছৰ মৰ্মাৰ্থ এই নহয় যে, অন্য কুৰবাণীৰ পশু নাপালেহে ছমহীয়া বয়সৰ ভেড়া জাতৰ কুৰবাণী বৈধ। যিহেতু এনেকুৱা অন্যান্য দলিলও আছে যাৰ দ্বাৰা প্ৰমাণিত হয় যে, সেই বয়সীয়া ভেড়াৰও কুৰবাণী বৈধ; প্ৰকাশতঃ যদিও কুৰবাণীদাতা অন্য দাঁতালো পশু পাইও থাকে। যেনে¸ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, ‘‘ছমাহ বয়সীয়া ভেড়াৰ জাত উত্তম কুৰবাণী। ’’[15]
উক্কবাহ বিন আমীৰ (ৰা.)য়ে কৈছে, (এদিন) নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামে কুৰবাণীৰ পশু বিতৰণ কৰিলে। উকবাৰ ভাগত পৰিল এটি ছয় মাহৰ ভেড়া। তেওঁ ক’লে, ‘হে আল্লাহৰ ৰাছুল! মোৰ ভাগত ছয় মাহৰ ভেড়া হ’ল?’ প্ৰত্যুত্তৰত তেওঁ ক’লে, ‘‘এইটোৰ দ্বাৰাই তুমি কোৰবাণী কৰা। ’’
২। পশু যেন নিম্নোক্ত ত্ৰুটিসমূহৰ পৰা মুক্ত হয়;
(ক) এটা চকু স্পষ্ট কণা। (খ) স্পষ্ট ব্যাধি। (গ) স্পষ্ট খোৰা। (ঘ) অন্তিম বাৰ্ধক্য।
এই ক্ষেত্ৰত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, ‘‘চাৰি প্ৰকাৰৰ পশু কুৰবাণী কৰা বৈধ বা সিদ্ধ নহয়; (এটা চকু) স্পষ্ট কণা, স্পষ্ট ৰোগীয়া, স্পষ্ট খোৰা আৰু দুৰাৰোগ্য ভগ্নপদ।