1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 5:25 am

বহুত অপমান কৰা হ’ল হিন্দুক, মোদী চৰকাৰৰ দিনতহে পাইছে সন্মান…

  • Update Time : Saturday, December 11, 2021

ডিজিটেল ডেস্কঃ হিন্দু সকলক কেইবাবছৰ ধৰি বহু অপমান কৰা হ’ল,মোডী চৰকাৰেহে হিন্দুসকলক দিছে উচিত সন্মান। শনিবাৰে এক অনুষ্ঠান ভাগ লৈ এই মন্তব্য কৰিলে দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। তেওঁ কয়- মোডী চৰকাৰে নিৰ্ভয়ে সকলো কাম কৰি গৈছে। এটা সময় আছিল মানুহে মন্দিৰলৈ যাবলৈ ভয় কৰিছিল। কিন্তু মোডী চৰকাৰে আহি এক নতুন যুগৰ সূচনা কৰিলে। উল্লেখ্য যে, আহমেদাবাদৰ এটা মন্দিৰৰ শিলান্যাস অনুষ্ঠানত ভাগ লৈ এই মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। ওমিয়াধাম নামৰ এই মন্দিৰ ৭৪হাজাৰ বৰ্গফুট ভূমিত ১৫০০কোটি ব্যয়েৰে নিৰ্মাণ কৰা হব।

নৰেন্দ্ৰ মোডীৰ প্ৰধানমন্ত্ৰীত্বত হিন্দুয়ে অধিকাৰ সাব্যস্ত কৰিবলৈ সুযোগ পোৱা বুলিও দাবী কৰে তেওঁ। উক্ত অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী ভুপেন্দ্ৰ পেটেল, নিতিন পেটেলৰ লগতে ৰাজ্যপাল আচাৰ্য দেৱব্ৰতো উপস্থিত আছিল। এই শিলান্যাস কাৰ্যসূচী ৩দিনীয়াকৈ অনুষ্ঠিত হৈছে। অহা ১৩ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলী অংশ লব এই অনুষ্ঠানত।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme