1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2025, 8:46 am
Trending:
নিশা বহু দেৰিলৈকে টোপনি আপোনাৰো নাহে নেকি? শীঘ্ৰেই সলনি কৰক এই অভ্যাস অন্যথা বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব ৫টা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি, জানি লওঁক সবিশেষ মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов

১০ হাজাৰ জৰিমনাৰ কথা শুনিয়েই গোসাঁইগাঁৱত ই-ৰিক্সা চালকৰ মৃত্যু!

  • Update Time : Thursday, March 17, 2022

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলা পৰিবহণ বিষয়াৰ নেতৃত্বত আজি গোসাঁইগাঁও সদৰ চহৰত চলাচল কৰা ই -ৰিক্সাৰ বিৰুদ্ধে অভিযান চলোৱা হয়। ই- ৰিক্সাৰ পঞ্জীয়ন নম্বৰ, বীমা আৰু চালকৰ লাইচেন্স বিচাৰি উক্ত অভিযান চলাই প্ৰায় ৭০ খন ই- ৰিক্সা জব্দ কৰে। ই- ৰিক্সাৰ চালকসকলে পৰিবহণ আইন ভংগ কৰা বুলি ই-ৰিক্সা সমূহক আটক কৰে আৰু নথি-পত্ৰ বিহীন ই-ৰিক্সাসমূহ আটক কৰি গোসাঁইগাঁও থানাত আনি আৱদ্ধ কৰে।

পৰিবহণ আইন নমনা ই-ৰিক্সাসমূহ থানাৰ পৰা ১০,০০০ টকা জৰিমনা আদায় দি লৈ যাব লাগিব বুলি জিলা পৰিবহণ বিষয়া সৰ্বেশ্বৰ ব্ৰহ্মই নিৰ্দেশ দিয়াত ই- ৰিক্সা চালকসকলৰ মাজত হাহাকাৰ লাগে। পৰিবহণ বিভাগৰ এই নিৰ্দেশ শুনাৰ পাছত গোসাঁইগাঁও ২ নম্বৰ ৱাৰ্ডৰ বাসিন্দা তথা ই-ৰিক্সা চলাই জীৱিকা নিৰ্বাহ কৰা গোপাল ৰায় (৫০) হৃদৰোগত আক্ৰান্ত হৈ থানাৰ সন্মুখতে ঢলি পৰে। তৎক্ষণাত লোকজনক হাব্ৰুবিলস্থিত আৰএনবি অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

ইয়াৰ পাছতে ই- ৰিক্সা চালকসকল ক্ষোভত ফাটি পৰে। তেওঁলোকে মৃতদেহ লৈ গোসাঁইগাঁও থানাৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰি ডি টি অ’ মুৰ্দাবাদ, ডি টি অ’ৰ দাদাগিৰী নচলিব, মৃত চালকজনৰ মৃত্যুৰ বাবে দায়ী ডি টি অ’ক গ্ৰেপ্তাৰ কৰক, মৃতকৰ পৰিয়ালক দহ লাখ টকা ক্ষতিপূৰণ দিয়ক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

থানাৰ সন্মুখত উত্তাল প্ৰতিবাদী কাৰ্যসূচী চলাকালিন সময়ছোৱাতে কাৰ্যবাহী দণ্ডাধীশ সহ পৰিবহণ বিষয়া আহি উপস্হিত হোৱাৰ পাছত ক্ষোভৰ মাত্ৰা অধিক বৃদ্ধি পায় যদিও গোসাঁইগাঁও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। পিছত আৰক্ষী, পৰিবহণ বিষয়া আৰু ই- ৰিক্সা ইউনিয়নৰ নেতৃবৃন্দৰ মাজত সমস্যা সমাধানৰ বাবে এক বৈঠক অনুষ্ঠিত হয়। বৰ্তমানেও পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ আছে আৰু পৰিবহণ বিভাগৰ বিৰুদ্ধে চালকসকল ক্ষোভত ফাটি পৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme