ডিজিটেল ডেস্কঃ শনিবাৰে নিশা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰবাসৰ সংঘটিত হোৱা ভয়ংকৰ ৰেগিং কাণ্ডই সমগ্ৰ ৰাজ্যক জোকাৰি গৈছে। এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক টুইট যোগে অাৰক্ষীক কঠোৰ হ’বলৈ নিৰ্দেশ দিয়াৰ পাছতেই সোমবাৰে পুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৪ জন ছাত্ৰক ।
উল্লেখ কৰা প্ৰয়োজন যে, ৰেগিঙৰ বাবেই দ্বিতীয় মহলাৰ পৰা পৰি গুৰুতৰ ভাৱে আহত হৈছিল আনন্দ শৰ্মা নামৰ ছাত্ৰজন । পৰৱৰ্তী সময়ত প্ৰাৰম্ভিক তদন্তৰ অন্তত এই সমগ্ৰ ঘটনা ৰেগিঙৰ বাবে সংঘটিত হোৱা বুলি প্ৰকাশ হোৱাৰ পাছতেই চাঞ্চল্যৰ সৃষ্টি হোৱাৰ পিছতেই আৰক্ষীয়ে চলাইছিল সমগ্ৰ ছাত্ৰবাসতেই অভিযান ।
এতিয়া পঢ়ক কি পৰ্যায়ত ৰেগিং কৰা হৈছিল ছাত্ৰ জনকঃ-
১)প্ৰথম নিশাৰ পৰাই কনিষ্ঠ ছাত্ৰৰ ওপৰত নিৰ্যাতন চলাই কৰিছিল পাশবিক উল্লাস
২)নিশা ১১ বজাত নিজ কোঠাৰ পৰা আচুতীয়া এটা কোঠালৈ মাতি নিছিল কনিষ্ঠ ছাত্ৰক
৩)কেইবাজনো জেষ্ঠ ছাত্ৰই সেই কোঠাটোতেই সেৱন কৰি আছিল সুৰা,গাঞ্জা,চিগাৰেট
৪)প্ৰায় ৬বাৰ তৃতীয় মহলাৰ পৰা মদৰ লগত মিলোৱা পানী আনিবলৈ তলৰ মহলালৈ পঠাইছিল কনিষ্ঠ ছাত্ৰক,মদৰ লগত জোখ মতে মিলাবলৈ দিছিল পানী,কনিষ্ঠ ছাত্ৰজনৰ ভৰি বিষোৱাত কৰিছিল মাৰধৰ
৫)মদৰ নিচাত কনিষ্ঠ ছাত্ৰক সুধিছিল,বিজ্ঞান,সমাজ বিজ্ঞান,সাধাৰন জ্ঞানৰ ইটোৰ পিছত সিটোকৈ প্ৰশ্ন
৬)মাত্ৰ এটা শুদ্ধ উত্তৰ দিব নোৱাৰিলেই মুখত চৰিয়াইছিল,ঘুচিয়াইছিল
৭)বিবস্ত্ৰ কৰি কনিষ্ঠ ছাত্ৰক (পুৰুষে পুৰুষৰ আগতো ক’ব নোৱাৰা)বিভৎস,অসভ্য কাণ্ড সংঘটিত কৰিছিল
যোৰহাট জে বি কলেজৰ হোষ্টেলতো অনুৰূপ ঘটনা
৮)অন্তৰ্বাস খুলি চিন বহি যোৱাকৈ নৱাগতক এচাঁৰিৰে পিটিছিল জেষ্ঠ ছাত্ৰই।
৯)D.U ৰ বুকু কঁপি উঠা এই বিভৎস ৰেগিং স্নাতকোত্তৰ শাখাৰ একো একো জন ,২৪,২৫ বছৰীয়া ছাত্ৰই কৰিছিল।প্ৰতিবাদ কৰিলেঁ পুৰ্বৰে পৰা চলি অহা পৰম্পৰাৰ দোহাই দিছিল
১০) তাতোকৈ লক্ষ্যণীয় বিষয় মুল অভিযুক্ত ৰাহুল চেত্ৰী স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সদস্য আছিল।